newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতঃ প্ৰথমবাৰৰ বাবে বৈদেশিক মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে। ভাৰতৰ বাহিৰেও ৩খন দেশত মজুত আছে বৈদেশিক মুদ্ৰা

BNE News Desk , October 5, 2024
Spread the love

ভাৰতে ইতিহাস সৃষ্টি কৰিছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে। আৰ বি আইৰ তথ্য অনুসৰি ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুত ৭০৪.৮৮৫ বিলিয়ন ডলাৰৰ স্তৰত উপনীত হৈছে আৰু ১২.৫৮৮ বিলিয়ন ডলাৰৰ জঁপিয়াই পৰিছে। প্ৰথম সপ্তাহত ইয়াৰ মূল্য আছিল ৬৯২.২৯ বিলিয়ন ডলাৰ। এফ পি আই বিনিয়োগৰ বিপুল বৃদ্ধিৰ বাবে বিদেশী মুদ্ৰাৰ মজুত সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। ভাৰতৰ বাহিৰে কেৱল চীন, জাপান আৰু চুইজাৰলেণ্ডৰ বিদেশী মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰতকৈও অধিক।
   
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪ চনৰ ৪ অক্টোবৰত বৈদেশিক মুদ্ৰাৰ মজুতৰ তথ্য প্ৰকাশ কৰা অনুসৰি ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত ১২.৫৮৮ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৭০৪.৮৮৫ বিলিয়ন ডলাৰৰ স্তৰত উপনীত হৈছে। এই সময়ছোৱাত বিদেশী মুদ্ৰাৰ সম্পত্তি ১০.৪৬ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬১৬.১৫৪ বিলিয়ন ডলাৰ হৈছেগৈ। ২০২৪ চনত আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত ৮০ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি পাইছে।
   
সোণৰ মূল্য তীব্ৰ বৃদ্ধিৰ পিছত আৰ বি আইৰ সোণৰ মজুতৰ মূল্য বৃদ্ধি পাই ২.১৮৪ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৫৭.৯৬ বিলিয়ন ডলাৰৰ স্তৰত উপনীত হৈছে। ৩০৮ মিলিয়ন ডলাৰ বৃদ্ধিৰে ১৮.৫৪ বিলিয়ন ডলাৰত আছে এছডিআৰ। কিন্তু এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত জমা হোৱা মজুত হ্ৰাস পাইছে আৰু ই ৭১ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৩৮ বিলিয়ন ডলাৰ হৈছে।
 
ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি বেংক অৱ আমেৰিকাই ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। যিয়ে টকাৰ দুৰ্বলতা ৰোধ কৰাত সহায় কৰিব আৰ বি আইক। প্ৰতিবেদন অনুসৰি ভাৰতৰ আন উদীয়মান বজাৰৰ তুলনাত পৰ্যাপ্ত পৰিমাণৰ বিদেশী মুদ্ৰাৰ মজুত আছে। বৈদেশিক মুদ্ৰাৰ মজুতৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ।