newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

মিউচুৱেল ফাণ্ডঃ মিউচুৱেল ফাণ্ড উদ্যোগত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু মুকেশ আম্বানী । SEBI য়ে দিলে জিঅ` ব্লেক ৰকক সেউজ সংকেত

BNE News Desk , October 5, 2024
Spread the love

বজাৰ নিয়ন্ত্ৰক ছেবিয়ে মিউচুৱেল ফাণ্ডৰ বজাৰৰ বাবে লৈছে এক ডাঙৰ সিদ্ধান্ত। জিঅ’ আৰু ব্লেকৰকক মিউচুৱেল ফাণ্ড উদ্যোগত প্ৰৱেশৰ বাবে অনুমোদন দিছে ছেবিয়ে। মুকেশ আম্বানী নেতৃত্বাধীন জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছৰ প্ৰৱেশৰ ফলত মিউচুৱেল ফাণ্ড উদ্যোগত প্ৰতিযোগিতা বৃদ্ধি পাব পাৰে। মিউচুৱেল ফাণ্ডৰ বৰ্তমান ৬৬ লাখ কোটি টকাৰ সম্পত্তি আছে।

শুকুৰবাৰে জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছে এক্সচেঞ্জ ফাইলিঙত কয় যে ব্লেকৰক ফাইনেন্সিয়েল মেনেজমেণ্টৰ সৈতে যৌথ উদ্যোগটোৱে ৩ অক্টোবৰত মিউচুৱেল ফাণ্ড উদ্যোগত প্ৰৱেশৰ বাবে নীতিগত অনুমোদন লাভ কৰিছে। কোম্পানীটোৰ মতে, ছেবিয়ে প্ৰয়োজনীয় সকলো নথি-পত্ৰ প্ৰদান কৰি জিঅ’ আৰু ব্লেকৰকক চূড়ান্ত অনুমোদন দিব। ২০২৩ চনৰ জুলাই মাহত দুয়োটা কোম্পানীয়ে ইজনে সিজনৰ লগত হাত মিলাইছিল। লগতে ২০২৩ চনৰ অক্টোবৰ মাহত ছেবিত অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল। দুয়োটা কোম্পানীয়ে ঘোষণা কৰিছিল যে তেওঁলোকে সম্পত্তি পৰিচালনা ব্যৱসায়ত প্ৰায় ৩০ কোটি ডলাৰ বিনিয়োগ কৰিব। দুয়োটা কোম্পানীয়ে এই যৌথ উদ্যোগত ১৫ কোটি ডলাৰকৈ বিনিয়োগ কৰিব।

ব্লেকৰকৰ আন্তঃৰাষ্ট্ৰীয় মুৰব্বী ৰেচেল লৰ্ডে কয় যে আমি এই অনুমোদন পাই সুখী। ভাৰতৰ কোটি কোটি জনসাধাৰণক সস্তা আৰু বহনক্ষম বিনিয়োগৰ বিকল্প প্ৰদানৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম। Jio Financial Services ৰ সৈতে মিলি ভাৰতক সঞ্চয় দেশৰ পৰা বিনিয়োগকাৰী দেশলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিম। আমি ভাৰতত নতুন ধৰণৰ সামগ্ৰীৰ প্ৰচলন কৰিম। ৰেচেল লৰ্ডে কয় যে বিনিয়োগৰ জৰিয়তে আমি আমাৰ আৰ্থিক লক্ষ্য সোনকালে লাভ কৰিব পাৰো। আপুনিও মূলধন সংগ্ৰহ কৰিব পাৰে লগতে। জিঅ’ আৰু ব্লেকৰকে ৱেলথ মেনেজমেণ্ট আৰু ষ্টক ব্ৰকিং ব্যৱসায়ত একেলগে শক্তিশালীভাৱে কাম কৰিব।
   

জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছে গ্ৰাহকক বহু ধৰণৰ বিত্তীয় সেৱা আগবঢ়ায়। ইয়াৰ পূৰ্বে এই কোম্পানীটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী আছিল। ২০২৩ চনৰ আগষ্ট মাহত শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছিল। জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছৰ সহযোগী প্ৰতিষ্ঠান জিঅ’ ফাইনেন্সৰ আৰবিআইৰ পৰা এনবিএফচিৰ অনুজ্ঞাপত্ৰ আছে। ইয়াৰ আন এটা সহযোগী প্ৰতিষ্ঠান হৈছে জিঅ’ পেমেণ্টছ বেংক। জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছে এনবিএফচিৰ পৰা কোৰ ইনভেষ্টমেণ্ট কোম্পানী (চিআইচি)লৈ ৰূপান্তৰিত কৰিবলৈ আৰবিআইৰ পৰা অনুমোদন লাভ কৰিছে।