কনকলতা দাস হৈছে Arihan Enterprise ৰ সহ-প্ৰতিষ্ঠাপক।২০১৬ চনত কনকলতা দাসে মাচৰুম উদ্যোগৰ যাত্ৰা আৰম্ভ কৰি গুৱাহাটীত Arihan Enterprise'ৰ প্ৰতিষ্ঠা কৰে। আগৰতলাত ১০ দিনীয়া প্ৰশিক্ষণৰ পাছত তেওঁ মাচৰুমক ব্যৱসায়িক ৰূপ দিবলৈ আগবাঢ়ে। আৰম্ভণিতে কেৱল প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰা এই উদ্যোগে এতিয়ালৈকে ৫০০০ৰো অধিক ব্যক্তিক প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ভিতৰত ৫০০ জন কৃষকৰ উৎপাদন Arihan-এ বজাৰত বিক্ৰী কৰে।
তেখেতে কৰোনাৰ সময়ত সাময়িকভাৱে স্থগিত হোৱা উদ্যোগটো ২০২১ চনত পুনৰ খুলি গুৱাহাটীত আৰম্ভ কৰে। ২০২৪ চনত HMNEH(Horticulture Mission for North East & Himalayan States) স্কিমৰ অধীনত ২৫ লাখ টকাৰ প্ৰকল্পত অংশ গ্ৰহণ কৰি ৪০% মাচৰুম ফুড প্ৰচেছিং ইউনিট গঢ়ি তোলে।
তেওঁলোকে পিকল, চাটনী, আৰু অৰ্গেনিক মাচৰুম পাউদাৰ প্ৰস্তুত কৰি স্থানীয় বজাৰত বিক্ৰী কৰে। কনকলতাই নিজৰ ২৫ লাখ টকাৰো অধিক ধন বিনিয়োগ কৰি EnVent আৰু Sewa Bikash Foundationৰ জৰিয়তে ৭০০০ জনতকৈ অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰিছে।
ভেটাপাৰা ইউনিট আৰু APFBC(Assam Project on Forest and Biodiversity Conservation Society )ৰ সহায়ত ৮০০ জনক প্ৰশিক্ষণ দিয়া হৈছে। বৰ্তমান তেওঁ ৫ বিঘা মাটিত “Complete Mushroom Solution Project” স্থাপন কৰাৰ পৰিকল্পনাত আছে। দৈনিক ৩৫-৪০ কেজি উৎপাদন কৰা Arihan Enterprise ৰ ২০২৪-২৫ বৰ্ষত টাৰ্নঅভাৰ ২৬ লাখ টকা আছিল, আৰু এই বৰ্ষৰ লক্ষ্য ৩০ লাখ টকা।