newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ৰে‘ল দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, স্থাপন কৰা হ‘ব ৫০০০ কোটি টকাত ১০০০০০ কিলোমিটাৰ ৰে‘লপথত কৱচ

BNE News Desk , June 17, 2024
Spread the love

পশ্চিমবংগৰ জলপাইগুৰিৰ সমীপৰ ৰঙাপানী ষ্টেচনৰ সমীপত সোমবাৰে পুৱা সংঘটিত হোৱা কাঞ্চনজুংগা এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ জনতকৈ অধিক আহত হয়। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে পিছফালৰ পৰা অহা এখন মাল ট্ৰেইনৰ সংঘৰ্ষৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইটাৰযোগে কয় যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকলৰ পৰিয়াললৈ ১০ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ২.৫ লাখ টকা আৰু কম আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰেলৱেই প্ৰস্তুত কৰিছে কাভাচ অটোমেটিক ট্ৰেইন প্ৰটেকচন (এ টি পি) প্ৰযুক্তি। ইয়াৰ বাবে শীঘ্ৰে ৰেলৱেই ৫০০০ কোটি টকাৰ নিবিদা জাৰি কৰিবলৈ ওলাইছে। ৰেলৱেই প্ৰায় ১০ হাজাৰ কিলোমিটাৰ ট্ৰেকত কৱচ স্থাপন কৰিব বিচাৰিছে।
     ভাৰতীয় ৰেলৱেই এই কৱচ থলুৱাভাৱে বিকশিত কৰিছে। ইয়াক ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ ৫০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুখন নিবিদা জাৰি কৰা হ’ব। ৰেল দুৰ্ঘটনা ৰোধ কৰিবলৈ কাভাচ নিৰ্মাণ কৰা হৈছে। যোৱা বছৰ ওড়িশাৰ বালাছ’ৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত ২৯৬ জন লোক নিহত হোৱাৰ লগতে ১২০০ লোক আহত হৈছিল। ২০২১ চনত প্ৰথম কাভাচৰ নিবিদা জাৰি কৰা হৈছিল। মাত্ৰ ৩০০০ কিলোমিটাৰ আছিল। এই ব্যৱস্থাই মানুহৰ ভুলৰ ফলত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম। ৰে’ল বা সন্মুখত থকা আন যিকোনো বাধা ধৰা পেলাই গাড়ীখন ৰখাবলৈ সক্ষম কাভাচ। ইয়াৰ ফলত ৰে’লৰ সংঘৰ্ষ আৰু ৰেলপথৰ পৰা ওলাই যোৱা ৰোধ হ’ব।
    ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে মিণ্টক জনায় যে শীঘ্ৰে ১০ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথত কৱচ স্থাপনৰ কাম আৰম্ভ হ’ব। প্ৰায় ৬০০০ কিলোমিটাৰ ট্ৰেকৰ ডি পি আৰ প্ৰস্তুত কৰা হৈছে আৰু ৪০০০ কিলোমিটাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। এই ব্যৱস্থাৰ বিকাশৰ কাম ২০১২ চনৰ পৰা আৰম্ভ হৈছিল। বৰ্তমান প্ৰায় ১৫০০ কিলোমিটাৰ ট্ৰেকত কৱচ স্থাপন কৰা হৈছে। নতুন নিবিদা অনুসৰি প্ৰতি বছৰে প্ৰায় ৭ৰ পৰা ৮ হাজাৰ কিলোমিটাৰ ৰেলপথত কৱচ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই গতিবেগত ১০ বছৰৰ পাছত ৭০ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্কত কৱচ সজ্জিত হ’ব।