গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইন্দ'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে অসমী ছাৰচ মেলা ২০২৩-২৪।
যোৱা ২৩ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হৈ আছে এই মেলা । এই মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ১০০ ৰো অধিক বিপনীয়ে অংশগ্ৰহণ কৰে ।
ছত্তীছগঢ়, পশ্চিমবংগ, কৰ্ণাটক, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, বিহাৰকে আদি কৰি বহু ৰাজ্যৰ লোকে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিবলৈ লৈ আহিছে । বাঁহ-বেতৰ সমগ্ৰী, পাট-মুগা বিভিন্ন কাপোৰৰ লগতে প্ৰতিখন ৰাজ্যৰে থলুৱা সামগ্ৰী উপলব্ধ হৈছে ।
অসমৰ ধেমাজি, লখিমপুৰ, বৰপেটা, বজালী, মাজুলীৰ লগতে বিভিন্ন জিলাৰ বিক্ৰেতাসকলে এই মেলাত নিজৰ বস্তু বিক্ৰী কৰিবলৈ অহা দেখা গৈছে।
এই মেলাত পুৰুষৰ তুলনাত মহিলা বিক্ৰেতাৰ সংখ্যা অধিক পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ আছে এই মেলা। চাওঁক এই প্ৰতিবেদন ।