চীনৰ স্মাৰ্ট ডিভাইচ নিৰ্মাতা কোম্পানী ছাইঅ’মিৰ ভাৰতৰ মুৰব্বী মুৰালিকৃষ্ণন বিয়ে কোম্পানীটোৰ পৰা পদত্যাগ কৰিছে। এই তথ্য দি কোম্পানীটোৱে কয় যে মুৰালীকৃষ্ণনে এতিয়া শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত কাম কৰিব বিচাৰিছে। ছাইঅ’মিয়ে কয় যে মুৰালিকৃষ্ণনে ভৱিষ্যতেও কোম্পানীটোক স্বতন্ত্ৰ কৌশলগত উপদেষ্টা হিচাপে সেৱা আগবঢ়াই যাব।
ছাইঅ’মি ইণ্ডিয়াই কয় যে ছাইঅ’মি ইণ্ডিয়াৰ বৰ্তমানৰ সভাপতি মুৰালিকৃষ্ণন বিয়ে চলিত বৰ্ষৰ শেষৰ ফালে নিজৰ ভূমিকাৰ পৰা পদত্যাগ কৰিব। ছয় বছৰতকৈও অধিক সময় কোম্পানীটোৰ সৈতে কাম কৰাৰ অন্তত মুৰালীকৃষ্ণনে শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত নিজৰ কাম আগবঢ়াই নিব বিচাৰিছে। বলবৎকাৰী সঞ্চালকালয়ৰ সৈতে বিবাদ তুংগত থকাৰ সময়তে মুৰালীকৃষ্ণনে কোম্পানীটোৰ দায়িত্ব লয়। ২০২২ চনৰ এপ্ৰিল মাহত বলবৎকাৰী সঞ্চালকালয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা নিয়ম উলংঘা কৰাৰ অভিযোগত কোম্পানীটোৰ পৰা ৫৫৫১ কোটিৰো অধিক ধন জব্দ কৰিছিল।
ছাইঅ’মিয়ে কয় যে তেওঁৰ গোটেই কাৰ্যকালত মুৰালীকৃষ্ণনে ছাইঅ’মিৰ ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধি কৰাত, দলসমূহৰ মাজত কৌশলগত দিশৰ নেতৃত্ব দিয়া আৰু গুৰুত্বপূৰ্ণ জনসংযোগ প্ৰচেষ্টাৰ নেতৃত্ব দিয়াত মূল ভূমিকা পালন কৰিছে।
২০২৪ চনৰ তৃতীয় ত্ৰৈমাসিকত ভাৰতীয় বজাৰত ভলিউমৰ ক্ষেত্ৰত ১৬.৭ শতাংশ আৰু মূল্যৰ ক্ষেত্ৰত ৮.৭ শতাংশ অংশীদাৰিত্ব লাভ কৰিছিল। ২০১৮ চনত ছাইঅ’মি ইণ্ডিয়াত যোগদান কৰি মুৰালীকৃষ্ণনে এই পদত পদোন্নতি লাভ কৰাৰ পূৰ্বে মুখ্য পৰিচালন বিষয়াকে ধৰি বিভিন্ন ভূমিকা পালন কৰিছিল। আপোনালোকক জনাওঁ যে ছাইঅ’মিয়ে শেহতীয়াকৈ ভাৰতৰ মটৰ’লা ম’বিলিটিৰ প্ৰাক্তন পৰিচালন সঞ্চালক সুধিন মাথুৰক মুখ্য পৰিচালন বিষয়া হিচাপে নিযুক্তি দিছে।
ALSO READ: অহা বছৰ ৰিটাৰ্ণ ১৮ শতাংশ, অহা বর্ষত আৰু অধিক দাম হ'ব সোণ আৰু ৰূপৰ
বহু বছৰ ধৰি ভাৰতৰ স্মাৰ্টফোনৰ বজাৰত আগবাঢ়ি থকাৰ পাছত ছাইঅ’মিয়ে পুনৰ এক নম্বৰ স্থান দখল কৰাৰ প্ৰচেষ্টা চলাইছে। কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ তথ্য অনুসৰি ২০২৪ চনৰ দ্বিতীয় ত্ৰৈমাসিকত ছাইঅ’মি শীৰ্ষ স্থানলৈ ঘূৰি আহিছিল যদিও পুনৰ সেই স্থান ভিভ’ৰ হাতত হেৰুৱাইছিল।