গুৱাহাটী মহানগৰীৰ উজান বজাৰত গঢ়ি উঠিছে ইখনৰ পিছত সিখনকৈ ৰেস্তোৰাঁ।
যোৱা ২ ডিচেম্বৰত North East Frontier Railway য়ে উজান বজাৰৰ জাহাজ ঘাটৰ ঠিক বিপৰীত দিশত মুকলি কৰিছে এখন Rail Coach ৰেস্তোৰাঁ। এটা পৰিতক্ত ডবাৰ পৰা ইউনিক ডিজাইন কৰি নাম দিছে 'Brahmaputra Riverview Cafe' ।
উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে NF Railway ৰ জেনেৰেল মেনেজাৰ Chetan Kumar Shrivastava ৰ লগতে ৰে'ল বিভাগৰ বহু জেষ্ঠ বিষয়া, কৰ্মচাৰী। এই ৰেস্তোৰাঁখনৰ যোগেদি বহনক্ষম ৰাজহ সংগ্ৰহ হোৱাৰ লগতে ইয়াত কাম কৰি বহু নিবনুৱাই কৰ্ম সংস্থাপন লাভ কৰাৰ সুযোগ লাভ কৰিব ।
ALSO READ: "নতুনকৈ নিৰ্মাণ হ'ব মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা সংযোগী ৰে'লপথ "- General Manager, NF Railway
অত্যাধুনিক ৰেস্তোৰাঁখনৰ নিৰ্মাণৰ বাবদ ২৫ লাখৰ পৰা ৩০ লাখ টকা পৰ্যন্ত ব্যয় হৈছে বুলি Owner নীতিশ পাণ্ডেই বিজনেছ নৰ্থ ইষ্টৰ আগত অৱগত কৰে ।
উল্লেখযোগ্য যে গুৱাহাটী ৰে'লৱে ষ্টেচনত থকা Rail Coach ৰেস্তোৰাঁখনৰ দৰেই ইয়াতো গ্ৰাহকৰ সমাগম হ'ব বুলি ৰে'ল বিভাগ আশাবাদী।