গুৱাহাটী: অহা ৩১ মাৰ্চত অন্ত পৰিব চলিত ২০২৩-২৪ বর্ষৰ বিত্তীয় বাজেট । বিত্তীয় বৰ্ষ শেষ হোৱাৰ আগতে এইবাৰো কৰিব লাগিব কিছুমান গুৰুত্বপূৰ্ণ কাম । ইয়াৰ ভিতৰত আছে FasTag KYC ৰ লগতে কৰ সঞ্চয়ৰ পৰা PPF একাউণ্টত নূন্যতম জমা ধন । ৩১ মাৰ্চলৈকে আয়কৰ বচাই বিনিয়োগ কৰিব পাৰে ।
PPF আৰু সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট সক্ৰিয় কৰি ৰাখিবলৈ নূন্যতম টকা ৰাখিব লাগিব । পুনৰ সক্ৰিয় কৰিবলৈ বেংক চাৰ্কিট ব্ৰেকাৰৰ প্ৰয়োজন হ'ব পাৰে । নূন্যতম ৫০০ টকা PPF ত জমা কৰিব লাগিব ।
১৫ মাৰ্চৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি Paytm ৱালেটত ধন জমা কৰিব নোৱাৰিব । ফাষ্টটেগত নিদিলে ডবল টোল লোৱা হ'ব ।
ভাৰতীয় ষ্টেট বেংকৰ অমৃত কলহ আঁচনিত বিনিয়োগ কৰাৰ সময় সীমাও অহা ৩১ মাৰ্চত উকলিব । এই আচঁনিৰ অধীনত সাধাৰণ মানুহে ৭.১ শতাংশ সুত আৰু জ্যেষ্ঠ নাগৰিকে ৭.৬ শতাংশ সুত লাভ কৰিব ।
গতিকে পলম নকৰি ২০২৩-২৪ বিত্তীয় বৰ্ষ শেষ হোৱাৰ আগতেই এই সমূহ কাম কৰি সম্পূৰ্ণ কৰক । ন'হলে বহু ক্ষেত্ৰত স্থগিত কৰা হ'ব পাৰে আপোনাৰ গুৰুতত্বপূৰ্ণ কাম ।
ALSO READ: Manipur launches helicopter service to connect Imphal-Ukhrul