newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আজি ষ্টক মাৰ্কেট আৰু বেংক বন্ধ, পণ্য আৰু মুদ্ৰাৰ বজাৰতো আছে নেকি ছুটী?

BNE News Desk , June 17, 2024
Spread the love

আজি ভাৰতত ঈদ উল আজহা (বকৰিদ) উৎসৱ পালন কৰা হৈছে আৰু ইয়াৰ স্মৃতিত ১৭ জুন সোমবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰত বন্ধৰ দিন। বিএছই আৰু এনএছইৰ দৰে ডাঙৰ ডাঙৰ শ্বেয়াৰ বজাৰত বকৰিদ ছুটী। এইদৰে চলিত সপ্তাহত বজাৰত ৫ দিনৰ পৰিৱৰ্তে মাত্ৰ ৪ দিনৰ বাবেহে ব্যৱসায় হ’ব। মঙলবাৰৰ পৰা সাধাৰণ ব্যৱসায়ৰ বাবে মুকলি হ’ব বিএছই আৰু এনএছই।

পণ্য বজাৰত মাল্টি ক’ম’ডিটি এক্সচেঞ্জতো ব্যৱসায় বন্ধ থাকিব যদিও এমচিএক্সত পোৱা তথ্য অনুসৰি আজি ঈদ-উল আজহা উপলক্ষে প্ৰথম অধিবেশনৰ বাবে ব্যৱসায় বন্ধ থাকিব। অৱশ্যে এমচিএক্সত দ্বিতীয় অধিবেশনৰ ট্ৰেডিং সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব।

ঈদ উল আজহা অৰ্থাৎ বকৰিদ উপলক্ষে ইকুইটি ছেগমেণ্ট, ডেৰাইভেটিভ ছেগমেণ্ট, এছ এল বি ছেগমেণ্টকে ধৰি ঘৰুৱা শ্বেয়াৰ বজাৰৰ সকলো ছেগমেণ্টতে ব্যৱসায় বন্ধ হৈ থাকিব। এন এছ ইতো সকলো ছেগমেণ্টতে ট্ৰেডিং বন্ধ থাকিব। ১৭ জুনত বাণিজ্যিক নিষ্পত্তিও বন্ধ থাকিব। জুন মাহত আহিবলগীয়া উৎসৱৰ বন্ধৰ দিনত এইটোৱেই একমাত্ৰ বন্ধ আৰু পৰৱৰ্তী শ্বেয়াৰ বজাৰৰ বন্ধ জুলাই মাহত হ’ব।

ঈদ উল আজহা উপলক্ষে দেশৰ প্ৰায়বোৰ ৰাজ্যৰ বহু চহৰ যেনে আগৰতলা, আহমেদাবাদ, বেলাপুৰ, বেংগালুৰু, ভোপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, ইম্ফল, জয়পুৰ, ইটানগৰ, জয়পুৰ, জম্মু আদি চহৰত , কানপুৰ, কোচি, কোহিমাৰ বেংক বন্ধ থাকিবলৈ গৈ আছে কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, নাগপুৰ, পানাজী, ৰায়পুৰ, পাটনা, শিলচৰ, শিমলা, শ্ৰীনগৰ আৰু ত্ৰিবেন্দ্ৰমত।

২০২৪ চনৰ ১৮ জুনত জম্মু আৰু শ্ৰীনগৰৰ বেংকসমূহত ছুটী থাকিব ঈদ উল আজহা অৰ্থাৎ বকৰিদৰ বাবেও।

১৮ জুন মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত স্বাভাৱিক ব্যৱসায় আৰু সকলো মুদ্ৰা, পণ্য আৰু ডেৰাইভেটিভ ছেগমেণ্টতে স্বাভাৱিক কাৰ্য্যকলাপ হ’ব।

ALSO READ: বাজেটৰ প্ৰস্তুতি অব্যাহত, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ পূৰ্বে অনুষ্ঠিত কৰিব বৈঠক