কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল-ডিজেল সস্তা হোৱাৰ বাট মুকলি কৰি দিছে৷ ইয়াৰ বাবে আন্তঃৰাজ্যিক মাল পৰিবহণক যুক্তিসংগত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ বাবে গ্ৰাহকে উন্নত সেৱা লাভ কৰিব আৰু পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি নহ’ব। দূৰৱৰ্তী স্থানত (পেট্ৰল আৰু ডিজেল ডিপোৰ পৰা বহু দূৰত) অৱস্থিত গ্ৰাহকক উপকৃত কৰিবলৈ তেল বিপণন কোম্পানীসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত বহু ঠাইত পেট্ৰ’ল-ডিজেল সস্তা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে পেট্ৰ’ল পাম্প ব্যৱসায়ীৰ বছৰ বছৰ ধৰি চলি অহা চাহিদাও পূৰণ হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মঙলবাৰে কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰৱৰ্তী অঞ্চলকো সুবিধাৰ ক্ষেত্ৰত দেশৰ বাকী অংশৰ সমতুল্য কৰি তোলাৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশ্বমানৰ পথ, বিমান আৰু ৰে’ল আন্তঃগাঁথনিৰ সৈতে সংযোগ স্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে।
এই সিদ্ধান্তৰ বাবেই ওড়িশাৰ মালকানগিৰিৰ কুনানপল্লী আৰু কালিমেলাত পেট্ৰ’লৰ মূল্য ক্ৰমে ৪.৬৯ আৰু ৪.৫৫ টকা হ্ৰাস পাব। ইয়াৰ উপৰিও ডিজেলৰ মূল্যও ক্ৰমে ৪.৪৫ আৰু ৪.৩২ টকা হ্ৰাস পাব। একেদৰে ছত্তীশগড়ৰ চুকমাত পেট্ৰ’লৰ মূল্য ২.০৯ টকা আৰু ডিজেলৰ মূল্য ২.০২ টকা হ্ৰাস পাব। ডিলাৰ কমিছন বৃদ্ধিয়ে দেশজুৰি প্ৰতিদিনে আমাৰ পেট্ৰ’ল পাম্পলৈ অহা প্ৰায় ৭ কোটি লোককো উন্নত সেৱা আগবঢ়াব।
যোৱা ৭ বছৰ ধৰি বাকী থকা এই দাবী পূৰণে পেট্ৰ’ল পাম্প ব্যৱসায়ী আৰু সমগ্ৰ দেশৰ ৮৩ হাজাৰৰো অধিক পেট্ৰ’ল পাম্পত কাম কৰা প্ৰায় ১০ লাখ কৰ্মচাৰীৰ জীৱনত সুখ আৰু আনন্দ কঢ়িয়াই আনিব। হৰদীপ সিং পুৰীয়ে কয় যে এই ঐতিহাসিক সিদ্ধান্তসমূহৰ পথ প্ৰশস্ত হৈছে মোডী চৰকাৰ আৰু সকলো পেট্ৰ’ল ব্যৱসায়ী সন্থাই গ্ৰহণ কৰা ইতিবাচক সিদ্ধান্তই। যোৱা কেইমাহমানৰ ভিতৰত আমি কেইবাবাৰো লগ হৈছিলো। আমি সকলো বিচাৰাধীন আদালতৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈও সন্মত হৈছো।