গুৱাহাটী: ৰাজধানী দিল্লীত খলকনি তুলিবলৈ সক্ষম হৈছে নৰ্থইষ্ট ফেষ্টিভেলে । দিল্লীত ক্ৰমাৎ যেন বৃদ্ধি পাইছে উত্তৰ-পূৱৰ জনপ্ৰিয়তা ।
বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'নৰ্থইষ্ট ফেষ্টিভেল ', ' ৰঙালী' আদিৰ দৰে অনুষ্ঠানৰ মুখ্য আয়োজক, যুৱ উদ্যমী শ্যামকানু মহন্তই ব্যৱসায় সম্পৰ্কে বহু কথা ব্যক্ত কৰে । "অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে " বুলি সততে কোৱা যায়।
কিন্তু তেওঁ নৰ্থইষ্ট ফেষ্টিভেল ', ' ৰঙালী ' আদিৰ জৰিয়তে ব্যৱসায়ীক ভাৱে বৃহৎ সফলতা লাভ কৰি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । তেওঁ কয় যে, অসমীয়া যুৱক-যুৱতীসকল কেৱল চাকৰিমুখী নহৈ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'ব লাগে ।
চৰকাৰী চাকৰিলৈ আশা নকৰি নিজে কিবা এটা কৰাৰ চেষ্টা কৰিলেহে অৰ্থনৈতিকভাৱে সফল হ'ব পাৰিব । লগতে তেওঁ নৰ্থইষ্ট ফেষ্টিভেলৰ জৰিয়তে ৰাজধানী দিল্লীত অসমৰ লগতে উত্তৰ-পূৱৰ জনপ্ৰিয়তা সংঘটিকভাবে বৃদ্ধি হৈছে বুলি মন্তব্য কৰে।
এই উৎসৱৰ জৰিয়তে উত্তৰ-পূবে সাংস্কৃতিক, অৰ্থনৈতিক আৰু বাণিজ্যিক দিশত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে । চাওঁক এই প্ৰতিবেদন।
ALSO READ: Assamese cinema must leverage technology to compete with other industries: CM