২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ১ কোটি গিগ কৰ্মীক পৰিচয় পত্ৰ প্ৰদানৰ সমান্তৰালকৈ চৰকাৰে ই-শ্ৰম পৰ্টেলত পঞ্জীয়নৰ সুবিধাও প্ৰদান কৰিব। লগতে পি এম জন আৰোগ্য যোজনাৰ (PM-JAY)ৰ অধীনত স্বাস্থ্য সুবিধাও লাভ কৰিব।
আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা (AB PM-JAY) চৰকাৰৰ এক বৃহৎ আঁচনি, যাৰ অধীনত এম্পেনেলযুক্ত মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকা পৰ্যন্ত বীমা কভাৰেজ প্ৰদান কৰা হয়। ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা সদস্যসকলে পি এম জন আৰোগ্য যোজনাৰ অধীনত প্ৰদান কৰা বীমা কভাৰেজৰ সুবিধা ল’ব পাৰিব।
ই-শ্ৰম প্লেটফৰ্ম কি?
ভাৰত চৰকাৰে মুকলি কৰা ই-শ্ৰম মঞ্চৰ লক্ষ্য হৈছে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰা। ইয়াৰ জৰিয়তে তেওঁলোকৰ চৰকাৰী কল্যাণমূলক কাৰ্যসূচীৰ সুবিধা সহজ হৈ পৰে। ইয়াত শ্ৰমিকৰ ডাটাবেছ ৰক্ষণাবেক্ষণ কৰা হয়।
ই-শ্ৰমত কেনেকৈ পঞ্জীয়ন কৰিব?
ইয়াৰ বাবে মোবাইলৰ সৈতে লিংক কৰা আধাৰ কাৰ্ড নম্বৰ, আই এফ এছ চি ক’ডৰ সৈতে চেভিংছ বেংক একাউণ্ট নম্বৰ, যদি কাৰোবাৰ আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰ নাই, তেন্তে তেওঁ যিকোনো কমন চাৰ্ভিচ চেণ্টাৰ (চি এছ চি) বা ষ্টেট চাৰ্ভিচ চেণ্টাৰ (এছ এছ কে)ত বায়’মেট্ৰিক প্ৰমাণীকৰণৰ জৰিয়তে নিজকে পঞ্জীয়ন কৰিব পাৰিব।
ই-শ্ৰম কাৰ্ডৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব?
গিগ কৰ্মী কি?
অনলাইন প্লেটফৰ্মত কাম কৰা কৰ্মচাৰীসকলক গিগ ৱৰ্কাৰ বুলি কোৱা হয়, যিসকলে স্থায়ী কৰ্মচাৰী হিচাপে কাম নকৰে বৰঞ্চ ফ্ৰীলান্সাৰ হিচাপে কাম কৰে। স্থায়ী কৰ্মচাৰীৰ দৰে কোম্পানীয়ে তেওঁলোকক দৰমহা বা ভাট্টা নিদিয়ে। তেওঁলোকে কৰা কামৰ পৰিসৰলৈকেহে দৰমহা পায়। আমাৰ দেশত অনলাইন ফুড ডেলিভাৰী পাৰ্টনাৰ, ই-কমাৰ্চ সামগ্ৰী ডেলিভাৰী কৰা মানুহ আৰু চালকে গিগ ৱৰ্কাৰ হিচাপে কাম কৰে।