newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অহা ১০ আগষ্টত অনুষ্ঠিত হ'ব ব্যতিক্ৰম ৱ'মেন কনক্লেভ ৩.০

BNE News Desk , August 5, 2024
Spread the love

নাৰীসকলক উদ্যোগীকৰণ আৰু সবলীকৰণত অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোয়ে অহা ১০ আগষ্টত খানাপাৰাস্থিত হোটেল ভিভান্তাত আয়োজন কৰিছে 'ব্যতিক্ৰম ৱ'মেন কনক্লেভ ২০২৪ ' ।

এই কনক্লেভৰ সম্পৰ্কত বিতং বিৱৰণৰ বাবে ৫ আগষ্টত ব্যতিক্ৰম কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হৈছিল । সংবাদ মেলাত উপস্থিত থাকে ব্যতিক্ৰম মাছডোৰ সভাপতি ড: সৌমেন ভাৰতীয়া, আন্ত: ৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক প্ৰতিনিধি চিনু কিশোৰ, মডেল অনুষ্কা লেখাৰু, শিল্পী অনন্য মহন্ত, অৰ্জে আলিয়া ।

এই কনক্লেভৰ লক্ষ্য হৈছে উত্তৰ পূবৰ মহিলা উদ্যোগীসকলক নেটৱৰ্কিং শিক্ষণ আৰু সফল ব্যৱসায়িক মূল্যৱান অন্তৰদৃষ্টি লাভ কৰাৰ এক মঞ্চ প্ৰদান কৰা ।

অনুষ্ঠানৰ আৰম্ভণিতে নিজৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰা মহিলাসকলৰ সাফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰা হ'ব য'ত উপস্থিত থাকিব নেৰিম গ্ৰুপ অফ ইনষ্টটিউটৰ সঞ্চালক ড: সংগীতা ত্ৰিপাঠী, শিক্ষাবিদ তথা জ্ঞান এডুকেশ্বনেল ট্ৰাষ্টৰ সভাপতি জয়শ্ৰী ঘোষ, সামাজিক উদ্যোগী কিৰণ বড়ো, উদ্যোগী স্বৰ্ণালী চৌধুৰী, মুখ্য জেনেৰেল মেনেজাৰ আৰু হেড ফাইনেন্স, কৰ্পৰেট ফাইনেন্স চাৰ্ভিচেছ গ্ৰুপ, ও এন জি চি নতুন দিল্লীৰ চিত্ৰালি গোস্বামী।

অনুষ্ঠানটিত ভাষণ, আলোচনা চক্ৰ, প্ৰদৰ্শনীৰ লগতে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । উত্তৰ পূবৰ মহিলাসকলক তেওঁলোকৰ অভিজ্ঞতা, প্ৰত্যাহ্বান, সফলতাৰ কাহিনীসমূহ আদান-প্ৰদান কৰাৰ লগতে সন্মুখীন হোৱা অনান্য সমস্যাসমূ্হৰ ওপৰতো আলোচনা আৰু সমাধানৰ বাবে এই কনক্লেভৰ লক্ষ্য হাতত লোৱা হৈছে ।