newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অসমৰ Cultural Mapping Project ৰ জৰিয়তে সংস্কৃতিৰ লগতে হ'ব অৰ্থনৈতিক বিকাশ

Darshana Borah , December 17, 2024
Spread the love
Share on Twitter



পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈছে Cultural Mapping Project. অৰ্থাৎ সাংস্কৃতিক প্ৰকল্পৰ বুজাবুজি চুক্তি । শ্ৰীমন্ত শংকৰদেৱ সমাজ আৰু ৰাজ্যৰ ১২ খন বিশ্ববিদ্যালয়ৰ মাজত এই চুক্তি সাক্ষৰ হয়।  এই অনুষ্ঠানত উপস্থিত থাকে বিমল বৰা, বি.কল্যাণ চক্ৰৱৰ্তী, কলাক্ষেত্ৰৰ উপ সভাপতি জিতুল সোণোৱাল , সচিব সুদৰ্শন ঠাকুৰৰ লগতে ১২ খন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকল।

অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুত কৰি আগুৱাই নিবলৈ পৰিকল্পনা কৰিছিল। এই পদক্ষেপৰ বাবে যিবোৰ সমলৰ প্ৰয়োজন হ'ব এইসমূহ মজুত থকা বিশ্ববিদ্যালয় সমূহে চৰকাৰক যোগান ধৰিব বুলি স্বাক্ষৰ কৰে। 

ALSO READ: CDB Introduces New Initiatives, Exposure Visit To Boost Coconut Productivity Amid Challenges
     
উল্লেখযোগ্য যে ২৫ বছৰত ভৰি দিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই । ইতিমধ্যে সাংস্কৃতিক বিভাগে বহু কেইটা প্ৰকল্পৰ কাম হাতত লৈছে। 
     
ইয়াৰ পূৰ্বে কোনো এখন ৰাজ্যত এনেকুৱা ধৰণৰ প্ৰকল্প নিৰ্মাণৰ কাম হাতত লোৱা হোৱা নাই । ইয়াৰ যোগেদি নৃ- গোষ্ঠীয় কলা, সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুত কৰা হ'ব । অৰ্থনৈতিক ভেটি শক্তিশালী হ'লেহে সংস্কৃতি ৰক্ষা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই । তেওঁ লগতে কয় বিকাশৰ ক্ষেত্ৰত দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰাৰ যি সপোন সেইয়া বাস্তৱত ৰূপায়িত হ'বলৈ আগবাঢ়িছে ।