newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

টকা সৰ্বকালৰ নিম্নতম: অভিলেখ সৃষ্টিকাৰী বাণিজ্যিক ঘাটি, ভাৰতীয় মুদ্ৰাৰ ঐতিহাসিক পতনৰ বোজা বহন কৰিবলগীয়া হৈছে টকাই

BNE News Desk , December 17, 2024
Spread the love
Share on Twitter

টকাৰ ঐতিহাসিক হ্ৰাস দেখা গৈছে আৰু ১৭ ডিচেম্বৰৰ অধিবেশনত এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৪.৯৩ টকাৰ স্তৰলৈ নামি আহিছে, যিটো পূৰ্বৰ অধিবেশনত ৮৪.৮৭ টকাত বন্ধ হৈছিল। আজিৰ অধিৱেশনত ছয় পইচা দুৰ্বল হৈ পৰিছে টকা। ডলাৰৰ বিপৰীতে টকাৰ মূল্য অব্যাহত থকা দুৰ্বলতাৰ পিছত এতিয়া ভাৰতীয় মুদ্ৰাই ডলাৰৰ বিপৰীতে ৮৫ টকাৰ স্তৰ ভংগ কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

২০২৪ চনৰ ১৬ ডিচেম্বৰ সোমবাৰে বাণিজ্য মন্ত্ৰালয়ে ৰপ্তানি-আমদানি সম্পৰ্কীয় বাণিজ্যিক তথ্য প্ৰকাশ কৰিছে। আৰু এই তথ্য অনুসৰি নৱেম্বৰ মাহত ভাৰতৰ বাণিজ্যিক ঘাটি সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ আহিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত বাণিজ্যিক ঘাটি হ’ব ৩৭.৮৪ বিলিয়ন ডলাৰ, যিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব। চলিত মাহত আমদানিৰ তীব্ৰ বৃদ্ধিৰ বাবে বাণিজ্যিক ঘাটি বৃদ্ধি পোৱাৰ বিপৰীতে আনফালে ৰপ্তানিৰ ক্ষেত্ৰত হ্ৰাস পাইছে।

নৱেম্বৰ মাহত সোণৰ আমদানিৰ অভিলেখ জঁপিয়াই পৰিছে। বিয়া আৰু উৎসৱৰ চাহিদাৰ বাবে ভাৰতে নৱেম্বৰ মাহত ১৪.৮ বিলিয়ন ডলাৰৰ সোণ আমদানি কৰিছিল। ইয়াৰ উপৰিও খাদ্য তেল, সাৰ, ৰূপৰ আমদানিও বৃদ্ধি পাইছে যাৰ বাবে বাণিজ্যিক ঘাটি বাঢ়িছে আৰু টকাই তাৰ বোজা বহন কৰিবলগীয়া হৈছে।

২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে। নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য অব্যাহত আছে। ট্ৰাম্পৰ বিজয়ৰ পিছত ডলাৰ সূচকাংক শক্তিশালী হৈছে আৰু ক্ষমতালৈ অহাৰ পিছত ডলাৰ আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ট্ৰাম্প চৰকাৰে আমেৰিকালৈ অহা বিদেশী সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিব পাৰে, যাৰ ফলত আমদানিকৃত সামগ্ৰী ক্ৰয় কৰাটো ব্যয়বহুল হৈ পৰিব। ইয়াৰ বাবেই মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকা। এনে পৰিস্থিতিত যদি সুতৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে তেন্তে ডলাৰ শক্তিশালী হ’ব পাৰে। ইয়াৰ বাবে টকাৰ অধিক দুৰ্বলতা দেখা যায়।

ALSO READ: বিনিয়োগকাৰীৰ শ্বেয়াৰ-মিউচুৱেল ফাণ্ড হোল্ডিঙৰ সবিশেষ ডিজিলকাৰত সংৰক্ষণ কৰা হ’ব! ছেবিৰ প্ৰস্তাৱ, ৩১ ডিচেম্বৰলৈ দিব পাৰিব পৰামৰ্শ

টকাৰ দুৰ্বলতা ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে অবিৰতভাৱে ডলাৰ বিক্ৰী কৰি আহিছে যাতে টকাক সহায় কৰিব পৰা যায়। ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোৰ পৰা আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত প্ৰায় ৫০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। ইয়াৰ মূল কাৰণ হ’ল অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী কৰা, আনহাতে দ্বিতীয়টো ডাঙৰ কাৰণত আছে টকাৰ সহায়ৰ বাবে আৰ বি আইয়ে বিক্ৰী কৰা ডলাৰ।