newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

মাত্ৰ ৩২ টকাত শিক্ষাদান কৰা কি এই 'Aharaan' ?

Darshana Borah , July 31, 2024
Spread the love

আপুনি বহু কেইটা অনলাইন ক'চিং চেন্টাৰৰ নাম শুনিছে । গুৱাহাটীৰ বাহিৰৰ পৰাও বহু শিক্ষাৰ্থী আহি নামী দামী প্ৰতিষ্ঠানত ক'চিং লৈছে । কিন্তু Aharaan নামৰ এই প্ৰতিষ্ঠানটো কিছু পৃথক তথা ব্যতিক্ৰম ।

কিয়নো ইয়াত কেৱল অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীকহে নামভৰ্তি কৰোৱা হয়। অসমীয়া মাধ্যমৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিটো বিষয়ত কেৱল মাত্ৰ ৩২ টকাত অৰ্থাৎ বছৰত ১৫০০ টকা মাছুল লৈ শিক্ষাদান দিয়া হয়।

শিক্ষাদানৰ বিষয় সমূহ হ'ল ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু গণিত । সুপ্ৰীতি দাস আৰু দেৱজিৎ তালুকদাৰ নামৰ দুগৰাকী উদ্যমীৰ প্ৰচেষ্টাত গঢ়ি উঠা এই Aharaan য়ে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক বহু দূৰ আগুৱাই নিব বুলি তেওঁলোক আশাবাদী।