newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অদিতি বুৰাগোহাঁইৰ বাজেট-অনুকূল ব্যৱসায়ৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ 2-3 লাখ টকা।

Radhika Daimary , March 22, 2025
Spread the love
Share on Twitter

অদিতি বুঢ়াগোহাঁই হৈছে দৰিকা ব্রেণ্ডৰ প্ৰতিষ্ঠাপক, যিয়ে ২০১৬ চনত আচাৰ বনাই বিক্ৰী কৰাৰ পৰা নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিছিল। পৰৱৰ্ত্তী কালত, তেখেতে মেঘালয়ৰ আই.এইচ.এমত (Institute of Hotel Management) ৱাইন বনোৱাৰ প্ৰশিক্ষণ লৈ মুম্বাইত ইণ্টাৰ্নশ্বিপ সম্পূৰ্ণ কৰে।

এতিয়ালৈ নিজ দক্ষতাৰ বলত তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে।

মাত্ৰ ২,০০০ টকাৰে আৰম্ভ কৰা এই ব্যৱসায়ত তেওঁ লোকেল সামগ্ৰী ব্যৱহাৰ কৰি জেম প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ২০১৮ চনত তেওঁ ৱাইন বনোৱা কাম আৰম্ভ কৰে আৰু প্ৰথমতে লতা বেলৰ ৱাইন তৈয়াৰ কৰে। বৰ্তমানে, তেওঁ ৩৫ ধৰণৰ জৈৱিক (অৰগেনিক) আৰু ৰাসায়নিক-মুক্ত ৱাইন তৈয়াৰ কৰিছে যাৰ মূল্য ৩০০ টকাৰ পৰা ৬৫০ টকাৰ ভিতৰত।

চৰকাৰ আৰু ব্যক্তিগত সংস্থাৰ সহায়ত, তেওঁ বিভিন্ন মেলা আৰু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি কাষ্টমাৰৰ সংখ্যা বৃদ্ধি কৰিছে। তেওঁৰ বাৰ্ষিক টাৰ্ণ’অ’ভাৰ প্ৰায় ২-৩ লাখ টকাৰ ভিতৰত। ভবিষ্যতে, তেওঁ বৃহৎ পৰিসৰত উদ্যোগ স্থাপন কৰি বিশেষকৈ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে নিয়োগ কৰিবলৈ আগ্ৰহী।

ALSO READ: গুৱাহাটীত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা FPO মেলা উদ্বোধন

অদিতিয়ে তেওঁৰ স্বামী আৰু দৰিকা ব্রেণ্ডৰ সহ-প্ৰতিষ্ঠাতা অৰুপ গগৈৰ সৈতে এই ব্যৱসায় চলাই আছে। লগতে, তেওঁৰ মাতৃ তথা আৰু কেইজনমান অস্থায়ী কৰ্মচাৰীও নিয়োগ হৈ আছে।