newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গুৱাহাটীত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা FPO মেলা উদ্বোধন

BNE News Desk , March 20, 2025
Spread the love
Share on Twitter

অসম চৰকাৰৰ কৃষি বিভাগৰ অৰ্ন্তগত   তথা অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়াম’-ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ‘ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছৰ্টিয়াম’ৰ সৌজন্যত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম সাংস্কৃতিক কেন্দ্ৰত কৃষক উৎপাদক সংস্থা মেলা  ২০২৫’ (FPO 2025) অনুষ্ঠিত কৰা হৈছে৷

অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই শিল্পগ্ৰামত কৃষক উৎপাদক সংস্থা (FPO) মেলা উদ্বোধন কৰে। এই তিনিদিনীয়া মেলাখনৰ উদ্দেশ্য কৃষক উৎপাদক সংস্থাসমূহ (FPO)ক শক্তিশালী কৰা আৰু লাভজনক খেতিপথাৰৰ প্ৰচাৰ কৰা।

এই উদ্বোধনী অনুষ্ঠানত কমিছনাৰ-ছেক্ৰেটাৰী অৰুণা ৰাজোৰিয়া, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, NABARDৰ মুখ্য প্ৰবন্ধক লোকেন দাস আৰু বহু FPO প্ৰতিনিধি আৰু কৃষক উপস্থিত থাকে।

মন্ত্ৰী বৰাই কৈছিল যে অসমত বৰ্তমান ৬০০তকৈ অধিক সক্ৰিয় FPO আছে, যিসকলে ২০২২-২০২৪ সময়ছোৱাত ৪,০০০ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছে। তেখেতে এই কথা দৰ্শাই কয় যে শিক্ষিত যুৱকসকলে এতিয়া কৃষিক্ষেত্ৰলৈ আগবাঢ়ি আহিছে। এই মেলাত অসমৰ ১২খন জিলাৰ FPO আৰু মেঘালয়ৰ ২টা FPOই অংশগ্ৰহণ কৰিছে।

২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষিত ১০,০০০ FPO গঠন অভিযানৰ অংশস্বৰূপে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃষি উন্নয়নলৈ বিশেষ গুৰুত্ব দিছে। "মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা"ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাজেটে প্ৰায় ৫০০ FPOক  ১০ লাখকৈ টকা অৰ্থসাহায্য আগবঢ়াইছে, যিয়ে FPOবোৰৰ পৰিচালনাৰ খৰচ বহন কৰাত সহায় কৰিব।