newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কোটি টকা ব্যৱসায়েৰে অসমৰ চহকী ঐতিহ্যক বিশ্ব দৰবাৰত পৰিচয় কৰাবলৈ সক্ষম হৈছে Xaj (সাঁজ) এ

Darshana Borah , July 31, 2024
Spread the love

আহোমৰ প্ৰাচীন ৰাজধানী শিৱসাগৰৰ কীৰ্তিচিহ্ন সমূহে আজিও আমাক সোঁৱৰাই আমি কিমান চহকী, কিমান সম্ভ্ৰান্ত। প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে আছে নিজা নিজা স্থানীয় পদ্ধতিৰে তৈয়াৰ কৰা বিশেষ পানীয় । এই বিশেষ পানীয় XAJ ৰ প্ৰতিষ্ঠাপক হৈছে আকাশজ্যোতি গগৈ ।

XAJ ক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁ সাৰ্থক হৈছে । চাউলৰ উপৰিও বিভিন্ন বনৌষধিৰে তৈয়াৰ কৰা হয় XAJ। দক্ষিণ পূৱ এছিয়াৰ নিজা নিজা থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা পানীয়ত চাউল ব্যবহাৰ কৰা হয়। কিয়নো তাত প্ৰচুৰভাৱে উৎপন্ন হয় চাউল । পানীয় সমূহৰ নিৰ্মাণ পদ্ধতিও প্ৰায় একে। 

চীন, জাপান, কোৰিয়াৰ দৰে অসমতো একেই ।

 

চীনৰ বাইজিও, জাপানৰ চাকে আৰু কোৰিয়াৰ ছজু নামৰ থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰিব পৰা পানীয় সমগ্ৰ পৃথিৱী বিখ্যাত।

XAJ হৈছে স্বাস্থ্যসন্মত আৰু বৈজ্ঞানিক।  চীন, জাপানক ফেৰ মাৰিব পৰাকৈ অসমৰ বিভিন্ন থলুৱা সেৱন কৰিব পৰা পানীয় সমূহৰ ভিতৰত অন্যতম হৈছে XAJ । সমগ্ৰ বিশ্বতে অসমৰ চহকী ঐতিহ্যক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে XAJ ।