ইলন মাস্কৰ ইলেক্ট্ৰিক বাহন কোম্পানী টেছলাই ভাৰতীয় কোম্পানী এটাৰ বিৰুদ্ধে গোচৰ আৰম্ভ কৰিছে। ইয়াৰ বাবে আমেৰিকাৰ বৈদ্যুতিক বাহন নিৰ্মাণ কোম্পানী টেছলা ইনকৰ্পৰেশ্যনে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
গুৰুগ্ৰামস্থিত কোম্পানীটোৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ইলন মাস্কৰ কোম্পানীয়ে। এই গোচৰটো ট্ৰেডমাৰ্ক উলংঘাৰ সৈতে জড়িত। যি কোম্পানীৰ বিৰুদ্ধে টেছলা ইনকৰ্পৰেশ্যনে উচ্চ ন্যায়ালয়ত উপনীত হৈছে তাৰ নাম হৈছে টেছলা পাৱাৰ ইণ্ডিয়া। টেছলা ইনকৰ্পৰেশ্যনে টেছলা পাৱাৰ ইণ্ডিয়াক টেছলা ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰাত বাধা দিবলৈ উচ্চ ন্যায়ালয়ৰ পৰা দাবী জনাইছে।
টেছলা ইনকৰ্পৰেশ্যনৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা চন্দৰ লালে কয় যে এই ট্ৰেডমাৰ্কৰ অপব্যৱহাৰে আমেৰিকান কোম্পানীটোৰ সুনামত আঘাত হানিছে আৰু ব্যৱসায়িক স্বাৰ্থত প্ৰভাৱ পেলাইছে। তেওঁ কয় যে নামটোৰ ব্যৱহাৰেও গ্ৰাহকক বিভ্ৰান্ত কৰি তুলিছে। টেছলা পাৱাৰৰ বেটাৰীৰ বিৰুদ্ধে অভিযোগ আমেৰিকান কোম্পানী ইভি নিৰ্মাতা টেছলা ইনকৰ্পৰেশ্যনলৈ পুনৰ নিৰ্দেশিত কৰা হৈছে, কাৰণ গ্ৰাহকে ইয়াক ইলন মাস্কৰ কোম্পানীটোৰ সৈতে জড়িত বুলি ধৰি লৈছে।
চন্দৰ লালৰ অভিযোগ যে গুৰুগ্ৰামস্থিত কোম্পানী টেছলা পাৱাৰে বাতৰি কাকতত নিজৰ বেটাৰীৰ বিজ্ঞাপন দিছে, য’ত ই নিজকে ইলেক্ট্ৰিক বাহন কোম্পানী হিচাপে দেখুৱাইছে। কেৱল এয়াই নহয়, গুৰুগ্ৰামস্থিত কোম্পানী টেছলা পাৱাৰেও আমেৰিকাৰ কোম্পানীটোৰ ল’গ’ ব্যৱহাৰ কৰিছে।
আমেৰিকান কোম্পানীটোৰ আবেদনৰ পিছত আদালতে গুৰুগ্ৰামস্থিত কোম্পানী টেছলা পাৱাৰক জাননী জাৰি কৰে। আদালতে টেছলা পাৱাৰক টেছলা ইনকৰ্পৰেশ্যনৰ দৰে ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰা আৰু ইভিৰ সামগ্ৰীৰ সৈতে বিজ্ঞাপন দিয়াটো পৰৱৰ্তী শুনানিলৈকে বন্ধ কৰি দিছে। ২২ মে’ত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হোৱাৰ কথা।
আনহাতে টেছলা পাৱাৰে কয় যে তেওঁলোকে বহু বছৰ ধৰি ব্যৱসায় কৰি আহিছে। ইয়াত বাহনত ব্যৱহৃত গতানুগতিক বেটাৰী তৈয়াৰ কৰা হয়। ইভি ছেগমেণ্টত প্ৰৱেশ কৰাৰ কোনো পৰিকল্পনা নাই। কোম্পানীটোৱে আদালতত দাবী কৰে যে ইয়াৰ বেটাৰীৰ ইতিমধ্যে লাখ লাখ গ্ৰাহক আছে।
ALSO READ: অহা দুবছৰত ১.৮ বিলিয়ন ডলাৰৰ ঋণ বিচাৰিছে ভোডাফোন আইডিয়াই