দেশৰ ব্যক্তিগত খণ্ডৰ বৃহৎ বেংক আইচিআইচিআই বেংকে ব্লক কৰিলে ১৭০০০ ক্ৰেডিট কাৰ্ড। ১৭০০ গ্ৰাহকৰ ক্ৰেডিট কাৰ্ডৰ তথ্য ফাদিল হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বেংকে। যিসকল গ্ৰাহকৰ তথ্য অকৰ্তৃত্বশীল ব্যক্তিয়ে লাভ কৰিছে তেওঁলোকৰ ক্ৰেডিট কাৰ্ড বেংকে ব্লক কৰিছে। গ্ৰাহকৰ সুবিধাৰ্থে বেংকে ক্ৰেডিট কাৰ্ড ব্লক কৰা গ্ৰাহকৰ তালিকাও প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ বেংকে এই গ্ৰাহকসকলৰ বাবে নতুন কাৰ্ড প্ৰদান কৰাৰ কথাও কৈছে।
বেংকৰ ক্ৰেডিট কাৰ্ডৰ তথ্য ফাদিল হোৱা ঘটনা পোহৰলৈ আহিছে এজন গ্ৰাহকে অভিযোগ কৰাৰ পিছতে। গ্ৰাহকে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তথ্য শ্বেয়াৰ কৰিছিল। আইম’বাইল পে এপত ডাটা সুৰক্ষাৰ বিষয়ে আশংকা প্ৰকাশ কৰি তেওঁ লিখিছে যে ক্ৰেডিট কাৰ্ড এপত ক্ৰেডিট কাৰ্ড নম্বৰ আৰু চিভিভিৰ দৰে তথ্য দেখা যায়। বহু অচিনাকি লোকৰ কাৰ্ডৰ তথ্য এই এপটোত দেখা গৈছিল। ইয়াৰ পিছত গ্ৰাহকৰ মাজত বেংকৰ ডাটা ছিকিউৰিটিক লৈ উদ্বেগ বৃদ্ধি পাইছিল।
তথ্য ফাদিল সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আইচিআইচিআই বেংকে বিষয়টো মানি লৈছে আৰু কয় যে যোৱা কিছুদিনত প্ৰায় ১৭ হাজাৰ নতুন গ্ৰাহকৰ ক্ৰেডিট কাৰ্ডৰ তথ্য ফাদিল হোৱা বুলি মানি লৈছে। কিন্তু, এই তথ্য ফাদিলৰ অপব্যৱহাৰৰ এটাও গোচৰ পোহৰলৈ অহা নাই বুলিও বেংকে আশ্বাস দিছে। ইয়াৰ লগতে বেংকে কয় যে ইয়াৰ বাবে কোনো গ্ৰাহকে যদি আৰ্থিক ক্ষতিৰ সন্মুখীন হয় তেন্তে বেংকে তেওঁকো ক্ষতিপূৰণ দিব। আইচিআইচিআই বেংকে কয় যে গ্ৰাহকে ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেণ্টৰ ওপৰত চকু ৰাখিব লাগে। যদি আপুনি আপোনাৰ কাৰ্ডত কোনো ভুল লেনদেন লক্ষ্য কৰে, তেন্তে আপুনি তৎক্ষণাত আপোনাৰ কাৰ্ডখন ব্লক কৰি নতুন কাৰ্ড জাৰি কৰিব পাৰে।