পুনৰ বৃদ্ধি পালে বৈদেশিক মুদ্ৰাৰ মজুত। যোৱা সপ্তাহৰ তুলনাত ১০.৯ বিলিয়ন ডলাৰ বৃদ্ধিৰে ২০২৫ চনৰ ৪ এপ্ৰিললৈকে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৬৭৬.৩ বিলিয়ন ডলাৰ হৈছেগৈ। ২০২৫ চনৰ মাৰ্চ মাহৰ শেষলৈকে বৈদেশিক মুদ্ৰাৰ মজুত ৭.৯ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।
এসপ্তাহত ১০.৯ ডলাৰৰ এই বৃদ্ধি এনে সময়ত হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা শুল্কৰ প্ৰতি মুদ্ৰা বজাৰৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি ডলাৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। কালি ইউৰোৰ বিপৰীতে তিনি বছৰৰ নিম্নতম স্তৰত উপনীত হয়। ডলাৰ ক্ৰয়ৰ সমান্তৰালকৈ আৰ বি আইৰ হাতত থকা অডলাৰ সম্পত্তিৰ মূল্য বৃদ্ধিৰ বাবে দেশৰ বৈদেশিক মজুতও বৃদ্ধি পাইছে।
বিদেশী মুদ্ৰা সম্পত্তি ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ সৰ্ববৃহৎ অংশ। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ৪ এপ্ৰিলত সমাপ্ত হোৱা সপ্তাহটোত এফচিএ ৯.১ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৭৪.০৯ বিলিয়ন ডলাৰ হৈছে।ইয়াৰ ভিতৰত বৈদেশিক মুদ্ৰাৰ মজুতত ৰখা ইউৰো, পাউণ্ড আৰু য়েনৰ দৰে অন্যান্য বিদেশী মুদ্ৰাৰ মূল্যৰ উঠা-নমাৰ প্ৰভাৱো অন্তৰ্ভুক্ত।
আৰ বি আইয়ে দিয়া তথ্য অনুসৰি এই সপ্তাহটোত দেশৰ সোণৰ মজুততো ১৫৬৭ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৭৯.৩৬ বিলিয়ন ডলাৰ হৈছে। বিশেষ ড্ৰয়িং ৰাইট (SDR) ১৮৬ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৩৬২ বিলিয়ন ডলাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪৬ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৪৬ বিলিয়ন ডলাৰ হৈছে।
বিশ্বত ট্ৰাম্পৰ শুল্ক যুদ্ধৰ ফলত সৃষ্টি হোৱা অশান্তিৰ মাজতে পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ মজুতও বৃদ্ধি পাইছে। পাকিস্তানৰ ষ্টেট বেংকৰ বৈদেশিক মুদ্ৰাৰ মজুত ২৩ মিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ মজুত ১৫.৭৫ বিলিয়ন ডলাৰ হৈছেগৈ।