newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

' জাংফাই' ৰ জৰিয়তে বিদেশৰ বজাৰটো সমাদৰ লাভ এগৰাকী অসমীয়া মহিলাৰ

Darshana Borah , March 8, 2024
Spread the love
Share on Twitter

গুৱাহাটী: ৮ মাৰ্চ আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস । পৃথিৱীৰ সকলো নাৰীৰ বাবে এটি হেঁপাহৰ দিন । নাৰীত্বৰ উদযাপনৰ বাবে সুকীয়া দিৱস এটিৰ যদিও প্ৰয়োজন নাই তথাপি প্ৰতি বছৰে আজিৰ দিনটোত পালন কৰি অহা হৈছে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস । আজিৰ কৰ্মজীৱি নাৰীয়ে পুৰুষৰ সমানে সমানে সম্ভৱ কৰি তুলিছে সকলো কাম । সমান্তৰালকৈ অৰ্থনৈতিক দিশটো কোনো গুণে পিছপৰি থকা নাই আজিৰ নাৰী।
       
এই বিশেষ দিনটোত বিজনেছ নৰ্থইষ্টে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল বিভিন্ন আ-অলংকাৰৰ ব্যৱসায়ৰ যোগেদি অৰ্থনৈতিক আৰু সামাজিক দুয়োটা দিশতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এগৰাকী নাৰীৰ ।



তেখেত হৈছে গুৱাহাটী মহানগৰীৰ শিলপুখুৰীত অৱস্থিত ' জাংফাই' ৰ স্বত্বাধিকাৰী সুলক্ষণা বি ভূঞা । আমাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে আজিৰ নাৰী কেৱল পাগঘৰতে আবদ্ধ হৈ নাথাকি সমাজক নিজকে প্ৰতিষ্ঠা কৰিবলৈ ওলাই আহিব লাগে । কামৰ সৰু-বৰ নাই । প্ৰথমতে সৰু কামৰ পৰাই, কম মূলধনৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিব লাগে যাতে ক্ৰমান্নয়ে উন্নতিৰ শিখৰত আগবাঢ়িব পাৰে । কিন্তু তাৰবাবে লাগিব আত্মবিশ্বাস, ধৈৰ্য আৰু একাগ্ৰতা । তেওঁ লগতে ৫০০০ টকাৰে ২৫ বছৰ আগতে আৰম্ভ কৰা ' জাংফাই ' নামৰ নিজৰ অসমীয়া কেঁচা সোণৰ গহনাৰ বিপনী খনৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে অসমীয়া মানুহে বিশেষকৈ অসমীয়া নাৰীয়ে ব্যৱসায় কৰাৰ কিতিপ শিকিব লাগে । চহকী অসমীয়া নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই ।

লগতে প্ৰাকৃতিক ভাবে চহকী অসমতো নোপোৱা বস্তু একো নাই । মাত্ৰ আমি এইবোৰৰ গুৰুত্ব বুজি ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাবে স্বাৱলম্বী হোৱাৰ লগতে সামাজিকভাৱেও নিজকে আগবঢ়াই নিব পাৰি।  কেৱল অৰ্থনৈতিক দিশটোৱেই নহয় বিভিন্ন সামাজিক কামৰ যোগেদি, সাহিত্য চৰ্চাৰ যোগেদিও নিজকে প্ৰতিষ্ঠা কৰিব পাৰে এগৰাকী নাৰীয়ে ।

তেওঁৰ আ-অলংকাৰ কেৱল অসম বা ভাৰততে নহয় সমগ্র বিশ্বতে জিলিকি উঠিছে অসমীয়া অলংকাৰ। জাংফাইৰ পৰা হোৱা উপাৰ্জনৰ পৰিমাণৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বৰ্তমান লাখৰ ঘৰত উপাৰ্জন হোৱাৰ লগতে বহু কেইটা পৰিয়ালক জংফাইৰ যোগেদি তেওঁ কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে । এগৰাকী সফল অসমীয়া নাৰীৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা সুলক্ষণা ভূঞাই শেষত প্ৰতি গৰাকী নাৰীক নিজৰ স্বামী বা ঘৰখনৰ উপৰত নিৰ্ভৰশীল নহৈ স্ব-উপাৰ্জনৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় ।

ALSO READ: Projects worth Rs 85 crore unveiled in Meghalaya under 'Swadesh Darshan'