newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

পশ্চিমবঙ্গৰ পৰা অসমলৈ আলুৰ ৰপ্তানিত বাধা ; আকাশলংঘী হৈছে আলুৰ দাম, বজাৰত জনতাৰ হাহাকাৰ

Darshana Borah , July 20, 2024
Spread the love

ক্ৰমাৎ বৃদ্ধি হৈছে শাক-পাচলিৰ দাম । সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই ইটোৰ পিছত সিটো পাচলিৰ দাম হৈছেগৈ আকাশলংঘী। 
বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা অসমলৈ অহা আলু বন্ধ কৰি দিয়াত হাহাকাৰ অৱস্থা হৈছে অসমত ।

আলুৰ যিসমূহ ট্ৰাক অসমলৈ আহে সেইসমূহ হঠাৎ অসমলৈ অহাত মমতা বেনাৰ্জীয়ে বন্ধ কৰি দিয়াত অসমত বৃদ্ধি হৈছে আলুৰ দাম। যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতাই । 

উল্লেখযোগ্য যে প্ৰতি কেজি আলুৰ মূল্য ৫০-৫৫ টকলৈকে বৃদ্ধি পাইছে । ইয়াৰ উপৰিও চৰকাৰৰ মৌনতাৰ সুযোগ লৈছে এচাম অসাধু চক্ৰই । চাওঁক বেহাৰবাৰীস্থিত ব্ৰহ্মপুত্ৰ বজাৰৰ এক সামগ্ৰিক প্ৰতিবেদন ।