সোমবাৰে টাটা পাৱাৰে ভূটানস্থিত খোৰলোচু হাইড্ৰ’ পাৱাৰ লিমিটেডৰ ৪০ শতাংশ অংশীদাৰিত্ব ৮৩০ কোটি টকাত অধিগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
টাটা পাৱাৰে এক্সচেঞ্জ ফাইলিঙত কয় যে আজি ই কোম্পানীটোৰ, কে এইচ পি এলৰ বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰ আৰু কে এইচ পি এলৰ মাজত হোৱা শ্বেয়াৰ ক্ৰয় চুক্তি কাৰ্যকৰী কৰিছে।
৬ আগষ্টত দ্য টাটা পাৱাৰ কোম্পানী লিমিটেডৰ পৰিচালনা সমিতিয়ে খোৰলোচু হাইড্ৰ’ পাৱাৰ লিমিটেডৰ ৪০ শতাংশ ইকুইটি অংশীদাৰিত্ব এটা বা ততোধিক ট্ৰেঞ্চত অধিগ্ৰহণৰ প্ৰস্তাৱত অনুমোদন জনায়।
কে এইচ পি এলৰ ৪০ শতাংশ ইকুইটি অংশীদাৰিত্ব অধিগ্ৰহণৰ বাবে প্ৰায় ৮৩০ কোটি টকা খৰচ হোৱা বুলি টাটা পাৱাৰে জনাইছিল।
টাটা পাৱাৰে কয় যে ড্ৰুক গ্ৰীণ পাৱাৰ কোম্পানীৰ সৈতে চুবুৰীয়া দেশত আনুমানিক ৬৯০০ কোটি টকা ব্যয় সাপেক্ষে হাইড্ৰ’ প্ৰকল্পৰ উন্নয়নৰ চুক্তি চূড়ান্ত কৰিছে।
ALSO READ: Dhanteras gems and jewellery sales may cross Rs 30,000 cr amid rising prices