আই পি এলৰ পৃষ্ঠপোষকতাত টাটা গ্ৰুপে যথেষ্ট লাভৱান হৈছে। আই পি এলত টাইটেল স্পনছৰ হোৱাৰ ফলত টাটাৰ ব্ৰেণ্ড ভেলু পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত এনে দাবী উত্থাপন হৈছে।
বিভিন্ন ব্ৰেণ্ডৰ মূল্যৰ ওপৰত গৱেষণা আৰু পৰামৰ্শদাতা সেৱা আগবঢ়োৱা কোম্পানী ব্ৰেণ্ড ফাইনেন্সৰ এক প্ৰতিবেদন অনুসৰি আই পি এল অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৃষ্ঠপোষকতা কৰি টাটাৰ ব্ৰেণ্ড মূল্য ৯ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি এতিয়া টাটাৰ ব্ৰেণ্ড মূল্য ২৮.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ভাৰতীয় ব্ৰেণ্ডৰ মূল্য ৩০ বিলিয়ন ডলাৰৰ ওচৰ চাপিছে।
মূল্যৰ ফালৰ পৰা ইতিমধ্যে টাটা ভাৰতৰ সৰ্ববৃহৎ ব্ৰেণ্ড। শেহতীয়াকৈ ৯ শতাংশ বৃদ্ধিয়ে টাটাৰ প্ৰথম স্থানত স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে। ভাৰতীয় বজাৰত টাটাৰ পিছতে ইনফ’ছিছ হৈছে দ্বিতীয় সৰ্বাধিক মূল্যৱান ব্ৰেণ্ড। প্ৰতিবেদন অনুসৰি যোৱা বছৰ আই টি খণ্ডত মন্থৰতা আহিলেও ইনফ’ছিছৰ ব্ৰেণ্ড মূল্য ৯ শতাংশ বৃদ্ধি পাই ১৪.২ বিলিয়ন ডলাৰ হৈছেগৈ।
এইদৰে চালে ভাৰতৰ আটাইতকৈ মূল্যৱান ব্ৰেণ্ড আৰু দ্বিতীয় স্থানৰ ব্ৰেণ্ডৰ মাজৰ ব্যৱধান প্ৰায় দুগুণ। দ্বিতীয় সৰ্বাধিক মূল্যৱান ব্ৰেণ্ড ইনফ’ছিছৰ ১৪.২ বিলিয়ন ডলাৰৰ মূল্যৰ তুলনাত প্ৰথম নম্বৰৰ টাটাৰ ২৮.৬ বিলিয়ন ডলাৰৰ ব্ৰেণ্ড মূল্য ১০১.৪১ শতাংশ বেছি, অৰ্থাৎ দুগুণতকৈও অধিক। এইচ ডি এফ চি লিমিটেডৰ একত্ৰীকৰণৰ পিছত এতিয়া এইচ ডি এফ চি বেংক তৃতীয় বৃহত্তম ব্ৰেণ্ডত পৰিণত হৈছে, যাৰ ব্ৰেণ্ড মূল্য ১০.৪ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে।
আই টি খণ্ডত ব্ৰেণ্ড মূল্যৰ ক্ষেত্ৰত টাটাৰ টি চি এছ ব্ৰেণ্ড ১৯.২ বিলিয়ন ডলাৰেৰে শীৰ্ষত আছে। যোৱা এটা বছৰৰ ভিতৰত এইচ চি এল টেকৰ ব্ৰেণ্ড মূল্য ১৬ শতাংশ বৃদ্ধি পাই ৭.৬ বিলিয়ন ডলাৰ হৈছে। আনহাতে উইপ্ৰ’ৰ মূল্য ৮ শতাংশ হ্ৰাস পাই ৫.৮ বিলিয়ন ডলাৰ আৰু টেক মহিন্দ্ৰাৰ ব্ৰেণ্ড মূল্য ১০ শতাংশ হ্ৰাস পাই ৩.১ বিলিয়ন ডলাৰ হৈছে।
ALSO READ: Infosys resolves insider trading allegations with SEBI