প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰভাৱ আৰু ইয়াৰ সফল ফলাফল ভাৰতীয় শ্বেয়াৰ বজাৰতো দেখা গৈছে। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক অধিবেশনত ভাৰতীয় শ্বেয়াৰ বজাৰখন অতি গতিৰে মুকলি হয়। বিএছই চেন্সেক্স ২৩০ পইণ্ট বৃদ্ধিৰে ৭৬৩২৫ পইণ্টত আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ৬৫ পইণ্ট বৃদ্ধিৰে ২৩০৯৬ পইণ্টত মুকলি হয়।
আজিৰ ব্যৱসায়ত বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ১৮টা ষ্টকৰ ব্যৱসায় বৃদ্ধি পাইছে আৰু ১২টা ষ্টকৰ ব্যৱসায় হ্ৰাস পাইছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত টাটা ষ্টীলে ১.৪০ শতাংশ, টেক মহিন্দ্ৰা ০.৯৯ শতাংশ, এইচচিএল টেক ০.৯০ শতাংশ, আইচিআইচিআই বেংক ০.৮৪ শতাংশ, মাৰুতি ০.৮৬ শতাংশ, ইনফ’ছিছ ০.৭০ শতাংশ, ভাৰতী এয়াৰটেলৰ ০.৫১ শতাংশ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ০.৫০ শতাংশ, টাটা মটৰ্ছৰ ০.৪৯ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰি আছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত ছান ফাৰ্মাই ০.৬৯ শতাংশ, এনটিপিচি ০.৬৮ শতাংশ, আদানি প’ৰ্টছ ০.৬১ শতাংশ, পাৱাৰ গ্ৰীড ০.৫৬ শতাংশ, এছিয়ান পেইণ্টছ ০.২৪ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে।
ALSO READ: গ্ৰাম্য , কৃষি, হস্তশিল্পৰ অৰ্থনীতি বিকাশৰ উদ্দেশ্যে NABARD ৰ বিশেষ পদক্ষেপ
শ্বেয়াৰ বজাৰৰ দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটি বৃদ্ধি পাইছে। কিন্তু মিডকেপ আৰু স্মলকেপ ষ্টকত বৃহৎ হ্ৰাস দেখা গৈছে। নিফটি মিডকেপ ১০০ সূচকাংক ৪৪০ পইণ্টৰ হ্ৰাসৰ সৈতে ৫০৪০২ পইণ্টত ব্যৱসায় কৰা হৈছে। নিফটিৰ ছমল কেপ সূচকাংক ২১৪ পইণ্টৰ হ্ৰাসৰ সৈতে ১৫৭৫৩ পইণ্টত ব্যৱসায় কৰা হৈছে। ইয়াৰ উপৰিও অটো, ফাৰ্মা, মিডিয়া, এনাৰ্জি, ইনফ্ৰাকনজিউমাৰ ডুৰেবলছ, অইল এণ্ড গেছ আৰু হেল্থকেয়াৰ খণ্ডৰ ষ্টক হ্ৰাসৰ লগে লগে ব্যৱসায় চলি আছে।
ইতিমধ্যে ভাৰতীয় শ্বেয়াৰ বজাৰত বুলিছ খোলাৰ ইংগিত পোৱা গৈছিল। এছিয়াৰ দেশসমূহৰ শ্বেয়াৰ বজাৰত বৃদ্ধি পোৱাৰ বিপৰীতে গিফ্ট নিফটিৰ ব্যৱসায় ৯২ পইণ্ট বৃদ্ধিৰে চলি আছে। ৫০৯ পইণ্ট বৃদ্ধিৰে ব্যৱসায় চলি আছে হাং চেঙ। কোস্পি, জাকাৰ্টা আৰু চাংহাইৰ বজাৰতো উত্থান ঘটিছে।