newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এছ বি আই মিউচুৱেল ফাণ্ড (এম এফ) আৰু টাটা এম এফে য়ে ক্ৰয় কৰিলে ৰত্নামণি মেটেলছ টিউবছৰ ২৬২ কোটি টকাৰ শ্বেয়াৰ

BNE News Desk , December 5, 2024
Spread the love
Share on Twitter

বুধবাৰে এছ বি আই মিউচুৱেল ফাণ্ড (এম এফ) আৰু টাটা এম এফে মুকলি বজাৰৰ লেনদেনৰ জৰিয়তে ২৬২ কোটি টকাত ৰত্নামণি মেটালছ এণ্ড টিউবছৰ শ্বেয়াৰ ক্ৰয় কৰে।

নেশ্যনেল ষ্টক এক্সচেঞ্জত উপলব্ধ ব্লক ডিলৰ তথ্য অনুসৰি এছ বি আই মিউচুৱেল ফাণ্ডে ৭.৫৫ লাখ শ্বেয়াৰ ক্ৰয় কৰাৰ বিপৰীতে টাটা এম এফে ৩০ হাজাৰ শ্বেয়াৰ লাভ কৰে, যিটো ৰত্নামণি মেটেলছ এণ্ড টিউবছৰ মুঠ ১.১২ শতাংশ অংশীদাৰিত্বৰ পৰিমাণ।

এই শ্বেয়াৰৰ গড় মূল্য ৩,৩৩৫ টকাকৈ লোৱা হৈছিল, যাৰ ফলত মুঠ চুক্তিৰ মূল্য ২৬১.৮০ কোটি টকালৈ বৃদ্ধি পাইছিল।

শেহতীয়া লেনদেনৰ পিছত ৰত্নামণি মেটেলছ এণ্ড টিউবছত এছ বি আই মিউচুৱেল ফাণ্ডৰ অংশীদাৰিত্ব ১.২১ শতাংশৰ পৰা ২.২৮ শতাংশলৈ বৃদ্ধি পাইছে।

ALSO READ: তুলিকা গগৈ স্বৰ্গীয়াৰীৰ কাঠফুলা ব্যৱসায়ে ১৪ লাখ টকাৰ টাৰ্ণঅ'ভাৰ সৃষ্টি কৰে

ইফালে ছিংগাপুৰৰ নালন্দা কেপিটেলে নিজৰ শাখা নালন্দা ইণ্ডিয়া ফাণ্ডৰ জৰিয়তে একে মূল্যতে ৰত্নামণি মেটালছ এণ্ড টিউবছৰ ৭.৮৫ লাখ শ্বেয়াৰ অফলোড কৰে।

ৰত্নামণি মেটেলছ এণ্ড টিউবছৰ শ্বেয়াৰ ১.২৭ শতাংশ হ্ৰাস পাই এন এছ ইত ৩,৩২৫.১০ টকাকৈ বন্ধ হয়।