newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গুৱাহাটীত NABARD ৰ উদ্যোগত অনুষ্ঠিত হৈছে GRAMEEN BHARAT MAHOTSAV

Darshana Borah , February 15, 2025
Spread the love
Share on Twitter

গুৱাহাটীৰ খানাপাৰাস্থিত গনেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে নাৱাৰ্ডৰ উদ্যোগত গ্ৰামীণ ভাৰত মহোৎসৱ।

যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই মেলা ১৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। ভাৰতৰ বিভিন্ন ৰাজ্যৰ হস্ত শিল্প, কৃষি, হস্ত তাঁতৰ লগত জৰিত বহু কেইখন ষ্টল উপলব্ধ হৈছে এই মেগা মেলাত । ৰাজস্থান, নাগালেণ্ড, বিহাৰ আদি ৰাজ্যৰ পৰা বহু লোকে নিজ হাতেৰে তৈয়াৰী সামগ্ৰী বিক্ৰী কৰিবলৈ আহিছে ।

নাৱাৰ্ডৰ মুখ্য মহা প্ৰবন্ধক লোকেন দাসে বিজনেছ নৰ্থ ইষ্টৰ আগত কিদৰে এনেকুৱা ধৰণৰ পদক্ষেপ সমূহৰ পৰা জনসাধাৰণৰ লাভালাভ হ'ব এই সম্পৰ্কে বিস্তৃত বৰ্ণনা ডাঙি ধৰে ।