newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

খাৰুৱা পেট্ৰলিয়ামৰ উইণ্ডফল টেক্স ২,১০০টকা/টনলৈ হ্ৰাস

BNE News Desk , August 17, 2024
Spread the love

শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি টনত ৪৬০০ টকাৰ পৰা ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ উইণ্ডফল কৰ ২১০০ টকালৈ হ্ৰাস কৰিছে চৰকাৰে।

এই কৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক  ৰূপত আৰোপ কৰা হয়। ডিজেল, পেট্ৰ’ল আৰু জেট ইন্ধন বা এ টি এফ ৰপ্তানিৰ ক্ষেত্ৰত এছ এ ই ডি, ‘NIL’ হিচাপে ৰখা হৈছে।

১৭ আগষ্টৰ পৰা এই নতুন হাৰ কাৰ্যকৰী হোৱা বুলি এক চৰকাৰী অধিসূচনাত প্ৰকাশ পাইছে।

ভাৰতে প্ৰথমবাৰৰ বাবে ২০২২ চনৰ ১ জুলাইত উইণ্ডফল লাভৰ কৰ আৰোপ কৰিছিল, শক্তি কোম্পানীসমূহৰ অতিস্বাভাৱিক লাভৰ ওপৰত কৰ আৰোপ কৰা বহুতো ৰাষ্ট্ৰৰ সৈতে যোগদান কৰিছিল।

বিগত দুসপ্তাহৰ গড় তেলৰ মূল্যৰ ওপৰত ভিত্তি কৰি প্ৰতি পষেকতে কৰ হাৰ পুনৰীক্ষণ কৰা হয়।