newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

IIFL Finance: আৰ বি আইয়ে আই আই এফ এল ফাইনেন্সক দিলে বৃহৎ সকাহ, সোণৰ ঋণৰ ব্যৱসায়ত নিষেধাজ্ঞা প্ৰত্যাহাৰ

BNE News Desk , September 20, 2024
Spread the love

বেংকিং খণ্ডৰ নিয়ন্ত্ৰক ভাৰতীয় ৰিজাৰ্ভ বেংকে আই আই এফ এল ফাইনেন্সক ডাঙৰ সকাহ দিছে। আই আই এফ এল ফাইনেন্সৰ সোণৰ ঋণৰ ব্যৱসায়ত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে আৰ বি আইয়ে। কোম্পানীটোৱে ষ্টক এক্সচেঞ্জত ৰেগুলেটৰী ফাইলিঙত এই তথ্য দিছে।

আই আই এফ এল ফাইনেন্সে ষ্টক এক্সচেঞ্জত ৰেগুলেটৰী ফাইলিঙত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰত জনাইছে যে আই আই এফ এল ফাইনেন্স লিমিটেডৰ সোণৰ ঋণ ব্যৱসায়ৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ২০২৪ চনৰ ৪ মাৰ্চত আৰ বি আইয়ে আই আই এফ এল ফাইনেন্সক সোণৰ ঋণৰ অনুমোদন, বিতৰণ বা বিক্ৰী বা নিৰাপত্তাকৰণ বা সোণৰ ঋণ নিযুক্তি দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছিল।

কোম্পানীটোৱে এক্সচেঞ্জত জনোৱা মতে, আৰ বি আইৰ এই সিদ্ধান্ত তৎক্ষণাত কাৰ্যকৰী হৈছে আৰু নিয়ম-নীতি অনুসৰি কোম্পানীটোক কম্প্লাইয়েন্সৰ অধীনত সোণৰ ঋণ, বিতৰণ, এচাইনমেণ্ট, ছিকিউৰটাইজেচন আৰু সোণৰ ঋণ বিক্ৰীৰ অনুমোদন দিবলৈ অনুমতি দিয়া হৈছে আৰু কোম্পানীয়ে ইয়াক আৰম্ভ কৰিব পাৰে পুনৰ। আই আই এফ এল ফাইনেন্সে কয় যে, কোম্পানীটোৱে উচ্চ মানদণ্ডৰ অনুসৰণ ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু গ্ৰহণ কৰা প্ৰয়োজনীয় পদক্ষেপসমূহ যাতে সুচাৰুৰূপে অব্যাহত ৰখাটো নিশ্চিত কৰিব।

২০২৪ চনৰ ৪ মাৰ্চত ভাৰতীয় ৰিজাৰ্ভ বেংকে আই আই এফ এল ফাইনেন্সক সোণৰ ঋণৰ অনুমোদন আৰু বিতৰণত তৎক্ষণাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু বৰ্তমানৰ সোণৰ ঋণৰ পৰ্টফলিঅ’টো অব্যাহত ৰাখি কোম্পানীটোক সংগ্ৰহ আৰু আদায়ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল। তদন্তত আৰ বি আইয়ে আই আই এফ এলৰ সোণৰ ঋণ পৰ্টফলিঅ’ত ঋণ অনুমোদন জনোৱাৰ সময়ত সোণৰ বিশুদ্ধতা আৰু ওজনৰ ক্ষেত্ৰত গুৰুতৰ অনিয়ম উদ্ধাৰ কৰিছিল। ঋণ আৰু মূল্য অনুপাততো উলংঘা ধৰা পেলাইছিল আৰ বি আইয়ে। ইয়াৰ পিছত কোম্পানীটোৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।