অহা মাহত ঋণৰ ই এম আইত সকাহ দিব পাৰে আৰ বি আইয়ে। এই কথা ক্ৰেডিট ৰেটিং গৱেষণা সংস্থা ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চে নিজৰ পূৰ্বাভাসত উল্লেখ কৰিছে। বৃহস্পতিবাৰে ই কয় যে অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰাৰ প্ৰয়াসত আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া পৰ্যালোচনা বৈঠকত মূল নীতি হাৰৰ ৰেপ’ ০.২৫% কৰ্তন কৰিব পাৰে।
আৰ বি আইয়ে ২০২৬ বিত্তীয় বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মুদ্ৰানীতি সমিতিৰ বৈঠকৰ দিন ঘোষণা কৰিছে।এই বৈঠক অহা ৭, ৮ আৰু ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। অহা ৯ এপ্ৰিলত ৰিজাৰ্ভ বেংকে ঘোষণা কৰিব এই পলিচি ৰেট।
ইণ্ডিয়া ৰেটিংছৰ মুখ্য অৰ্থনীতিবিদ তথা ৰাজহুৱা বিত্তৰ মুৰব্বী দেৱেন্দ্ৰ কুমাৰ পণ্টে কয়, ‘আমি আশা কৰিছো যে ২০২৪-২৫ বিত্তীয় বৰ্ষত সামগ্ৰিক (হেডলাইন) মুদ্ৰাস্ফীতি ৪.৭ শতাংশলৈ হ্ৰাস পাব।২০২৫-২৬ বিত্তীয় বৰ্ষত মুদ্ৰানীতিৰ সামগ্ৰিকভাৱে ০.৭৫ শতাংশ পৰ্যন্ত হ্ৰাস হ’ব পাৰে।'' তেওঁ কয় যে অৱশ্যে যদিহে আমেৰিকাৰ প্ৰতিশোধমূলক শুল্কৰ প্ৰভাৱ অধিক হয় আশা কৰাতকৈ বেছি, তেতিয়া আৰ বি আইয়ে মুদ্ৰানীতিৰ ফ্ৰণ্টত অধিক শিথিলতা দিব পাৰিব।
ALSO READ: গ্ৰাম্য , কৃষি, হস্তশিল্পৰ অৰ্থনীতি বিকাশৰ উদ্দেশ্যে NABARD ৰ বিশেষ পদক্ষেপ
উচ্চ মুদ্ৰাস্ফীতিৰ হাৰৰ বাবে আৰ বি আইয়ে দীৰ্ঘদিন ধৰি মূল নীতি হাৰ ৰেপ’ত কোনো পৰিৱৰ্তন কৰা নাছিল। কেন্দ্ৰীয় বেংকে ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ২.৫০ শতাংশৰ পৰা ৬.৫ শতাংশলৈ পলিচি ৰেট বৃদ্ধি কৰিছিল।২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰেপ’ ৰেট ০.২৫ শতাংশ হ্ৰাস কৰি ৬.২৫ শতাংশলৈ হ্ৰাস পাইছিল। ইণ্ডিয়া ৰেটিঙে ২১ ত্ৰৈমাসিকৰ ব্যৱধানৰ পিছত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মাৰ্চ ত্ৰৈমাসিকত খুচুৰা মুদ্ৰাস্ফীতি চাৰি শতাংশৰ তললৈ নামিব বুলি আশা কৰিছে। ইয়াৰ আশা কৰা হৈছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত আৰ বি আইয়ে তিনিবাৰকৈ নীতিৰ হাৰ মুঠ ০.৭৫ শতাংশ কমাব পাৰিব।
ইণ্ডিয়া ৰেটিঙে কয়, ‘২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পলিচি ৰেট কৰ্তনৰ লগে লগে সামগ্ৰিক ৰেপ’ ৰেট এক শতাংশ কৰ্তন হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ ফলত ৰেপ’ ৰেট ৫.৫ শতাংশ আৰু গড় মুদ্ৰাস্ফীতি প্ৰায় চাৰি শতাংশ হ’ব।অৰ্থাৎ ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰকৃত ৰেপ’ ৰেট ১.৫ শতাংশ হ’ব ইয়াৰ পৰা দেখা যায় যে কম আৰু সুস্থিৰ মুদ্ৰাস্ফীতি আৰ বি আইৰ মূল লক্ষ্য, কিন্তু মুদ্ৰানীতিৰ কেন্দ্ৰবিন্দু হ'ব মুদ্ৰানীতিৰ জৰিয়তে বৃদ্ধিৰ সমৰ্থন কৰা।