newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

১০ বছৰত ১০ কোটিৰো অধিক চাকৰিৰ ব্যৱস্থা কৰিলে বিত্তমন্ত্ৰীয়ে। চাকৰিৰ ওপৰত বৃহৎ দাবী

BNE News Desk , July 31, 2024
Spread the love

কেন্দ্ৰীয় বাজেট ২০২৪ লোকসভাত অনুমোদন। মঙলবাৰে সংসদৰ বাৰিষা অধিৱেশনত বাজেট সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। দীৰ্ঘদিন ধৰি বিৰোধীয়ে নিয়োগৰ বিষয় উত্থাপন কৰি মোডী চৰকাৰক লক্ষ্য কৰি আহিছে। সংসদতো ইয়াৰ উত্তৰ দিছে বিত্তমন্ত্ৰীগৰাকীয়ে। এন ডি এ চৰকাৰৰ অধীনত বিগত ১০ বছৰত ১২ কোটিৰো অধিক চাকৰিৰ সৃষ্টি হোৱা বুলিও তেওঁ কয়।

তেওঁ কয় যে ইউ পি এৰ কাৰ্যকালত ১০ বছৰৰ ভিতৰত মাত্ৰ ২ কোটি চাকৰিৰ সৃষ্টি হৈছিল। তাতকৈ ১০ কোটি অধিক চাকৰিৰ সৃষ্টি কৰিছে এন ডি এ চৰকাৰে। ইয়াৰ সমান্তৰালকৈ সংসদত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসমূহৰ মাজত বৈষম্যৰ অভিযোগ উত্থাপন কৰি তেওঁ নিজৰ প্ৰতিক্ৰিয়াও দাঙি ধৰিছে।

সোমবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে লোকসভাত ভাষণ দি থকাৰ সময়তে চৰকাৰে বাজেটত কেৱল দুখন ৰাজ্যৰ বাবেহে প্ৰকল্প ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। বাকী সকলো ৰাজ্যৰ বিৰুদ্ধে বৈষম্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কোনো ৰাজ্যৰ নাম নোলোৱাৰ অৰ্থ এইটো নহয় যে আমি ইয়াৰ বাবে একো কৰা নাই। বিৰোধীৰ এই দাবীক মিছা আখ্যা দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইউ পি এ চৰকাৰসমূহতো বাজেটৰ সময়ত সকলো ৰাজ্যৰ নাম লোৱা হোৱা নাছিল। তেওঁ কয় যে ২০০৪-০৫ চনৰ বাজেটত ১৭খন ৰাজ্যৰ নাম লোৱা হোৱা নাছিল। ২০০৬-০৭ চনত ১৮খন ৰাজ্য আৰু ২০০৯-১০ চনত ২৬খন ৰাজ্যৰ নাম বাজেটত উল্লেখ কৰা হোৱা নাছিল। ২০১২-১৩ বৰ্ষত ইউ পি এ চৰকাৰে বাজেটত ১৩খন ৰাজ্যৰ নাম লোৱা নাছিল।

লোকসভাত আলোচনাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্ৰতিটো খণ্ডতে আবণ্টন বৃদ্ধি কৰিছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত কৃষি খণ্ডৰ বাবে ০.৩০ লাখ কোটি টকা আবণ্টন দিয়া হৈছিল, যিটো এতিয়া ১.৫২ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এইবাৰ চৰকাৰে যোৱা বছৰৰ তুলনাত শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে ১.৪৮ লাখ কোটি টকা অধিক আবণ্টন দিছে। মহিলা আৰু ছোৱালীৰ বাবে ৩.২৭ লাখ কোটি টকা ব্যয় কৰিবলৈ ওলাইছে চৰকাৰে। ২০১৩-২৪ বিত্তীয় বৰ্ষত এই খণ্ডত ০.৯৬ লাখ কোটি টকা ব্যয় কৰা হৈছিল। স্বাস্থ্য খণ্ডৰ বাবে চৰকাৰে ব্যয় কৰিব ১.৪৬ লাখ টকা।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ চনলৈ দেশত নিবনুৱাৰ হাৰ হ্ৰাস পাইছে। দেশত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ২০১৭-১৮ বিত্তীয় বৰ্ষত ১৭.৮ শতাংশৰ পৰা ২০২২-২৩ চনত ১০ শতাংশলৈ হ্ৰাস পাইছে। মহিলা শ্ৰমিকৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। বিত্তীয় বৰ্ষত ই ২৩ শতাংশৰ পৰা ৩৭ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত মহিলাসকলৰ নিবনুৱাৰ হাৰ ৬ শতাংশৰ পৰা ২০২২-২৩ চনত ৩.২ শতাংশলৈ হ্ৰাস পাইছে।