newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

নূন্যতম বেলেঞ্চৰ নামত কিমান পইচা কটা হ‘ল আপোনাৰ ? চৰকাৰী বেংকত সোমাল ৮৫০০ কোটি টকা

BNE News Desk , July 31, 2024
Spread the love

একাউণ্টত নূন্যতম বেলেঞ্চ ৰখাৰ চৰ্তটোৱে গ্ৰাহকৰ ওপৰত বোজা হিচাপে প্ৰমাণিত হৈছে। বিভিন্ন বেংকে নূন্যতম বেলেঞ্চ ৰক্ষা নকৰাৰ বাবে গ্ৰাহকৰ পৰা জৰিমনা হিচাপে বিপুল পৰিমাণৰ ধন লয়, যাৰ বাবে বেংকে বিপুল আয় লাভ কৰিছে। কোৱা হৈছে যে চৰকাৰী বেংকে মাত্ৰ পাঁচ বছৰতে এনেদৰে প্ৰায় ৮৫০০ কোটি টকা উপাৰ্জন কৰিছে।

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে মঙলবাৰে নূন্যতম বেলেঞ্চ পেনাল্টিৰ নামত বেংকসমূহে কৰা আদায়ৰ পৰিসংখ্যাৰ বিষয়ে তথ্য প্ৰদান কৰে। তেওঁ লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰ দি আছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি বিগত ৫ বছৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে গ্ৰাহকৰ পৰা নূন্যতম বেলেঞ্চ পেনাল্টিৰ ৰূপত ৮,৪৯৪ কোটি টকা উপাৰ্জন কৰিছে।

বৰ্তমান দেশত ১২টা ৰাজহুৱা খণ্ডৰ বেংক কাম কৰি আছে। যোৱা বিত্তীয় বৰ্ষত চৰকাৰী খণ্ডৰ ১২টা বেংকৰ সকলো বেংকে নূন্যতম বেংক বেলেঞ্চ পেনাল্টি হিচাপে ২৩৩১ কোটি টকা উপাৰ্জন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ এই পৰিসংখ্যা যোৱা ৫ বছৰৰ ভিতৰত সৰ্বাধিক আৰু একক বিত্তীয় বৰ্ষত প্ৰথমবাৰৰ বাবে নূন্যতম বেলেঞ্চ পেনাল্টিৰ পৰা ৰাজহুৱা খণ্ডৰ বেংকৰ উপাৰ্জনে ২ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে।

ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ বেংকসমূহে নূন্যতম বেলেঞ্চ পেনাল্টিৰ পৰা ১৮৫৫ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে চৰকাৰী খণ্ডৰ বেংকসমূহে ২০২১-২২ চনত ১,৪২৯ কোটি, ২০২০-২১ চনত ১১৪২ কোটি আৰু ২০১৯-২০ চনত ১,৭৩৮ কোটি টকা উপাৰ্জন কৰিছিল নূন্যতম বেংক বেলেঞ্চ ৰক্ষা নকৰাৰ জৰিমনা হিচাপে। এইদৰে বিগত পাঁচ বছৰত জৰিমনা আদায় কৰা ধনৰাশি প্ৰায় ৮৫০০ কোটি টকা হৈ পৰে।

সৰ্ববৃহৎ চৰকাৰী বেংক এছ বি আইয়ে এতিয়া সংগ্ৰহ বন্ধ কৰাৰ পিছতো চৰকাৰী বেংকে নূন্যতম বেলেঞ্চ জৰিমনা আদায় কৰাৰ পৰিসংখ্যা বৃদ্ধি পাইছে। সৰ্বাধিক গ্ৰাহক থকা ষ্টেট বেংক অৱ ইণ্ডিয়াই শেষবাৰৰ বাবে ২০১৯-২০ চনত গ্ৰাহকৰ পৰা নূন্যতম বেলেঞ্চ বজাই ৰখাৰ বাবে জৰিমনা আদায় কৰিছিল। তেতিয়া এছ বি আইয়ে ৬৪০ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছত এছ বি আইয়ে জৰিমনা বন্ধ কৰি দিলে আৰু যোৱা ৪ বিত্তীয় বৰ্ষৰ পৰা গ্ৰাহকৰ পৰা নূন্যতম বেলেঞ্চ জৰিমনা লোৱা নাই।

বাকী ১১টা চৰকাৰী বেংকলৈ চালে পঞ্জাৱ নেচনেল বেংকে সৰ্বাধিক উপাৰ্জন কৰিছে নূন্যতম বেলেঞ্চ পেনাল্টিৰ পৰা। যোৱা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২৩-২৪ চনত দ্বিতীয় বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক পিএনবিয়ে এইদৰে ৬৩৩ কোটি টকা উপাৰ্জন কৰিছিল। দ্বিতীয় স্থানত আছে ৩৮৭ কোটি টকাৰে বেংক অৱ বৰোদা। ইণ্ডিয়ান বেংকে লাভ কৰে ৩৬৯ কোটি টকা। একেদৰে কেনাৰা বেংকে ২৮৪ কোটি আৰু বেংক অৱ ইণ্ডিয়াই নূন্যতম বেলেঞ্চ পেনাল্টিৰ পৰা ১৯৪ কোটি টকা উপাৰ্জন কৰে।