মহাকুম্ভত পবিত্ৰ ডুব যোৱাৰ পৰিকল্পনা কৰা ৰাইজৰ বাবে এটা ভাল খবৰ। এতিয়া বিমানেৰে প্ৰয়াগৰাজলৈ যাবলৈ আপুনি খৰচৰ আধাহে খৰচ কৰিব লাগিব। বিমান সংস্থাসমূহে বিমানৰ ভাড়া আধালৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ভাৰত চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পূৰ্বে যাত্ৰীৰ হুলস্থুলৰ পৰিপ্ৰেক্ষিতত বিমান সংস্থাসমূহে প্ৰয়াগৰাজলৈ বিমানৰ ভাড়া যথেষ্ট বৃদ্ধি কৰিছিল। ইয়াৰ ফলত দেশৰ ভিতৰতে অন্যান্য স্থানতো বিমান ভাড়াত প্ৰভাৱ পৰিছিল। প্ৰয়াগৰাজৰ বিমান ভাড়া বজাই ৰাখিবলৈ ডিডিচিএ অৰ্থাৎ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে স্পষ্ট নিৰ্দেশনা দিছে।
অনুমান কৰা হৈছে যে মহাকুম্ভৰ সময়ত সকলো বিমান সংস্থাই ৪৫ কোটি যাত্ৰীক প্ৰয়াগৰাজলৈ ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ ভিতৰত প্ৰায় ১৫ লাখ বিদেশী পৰ্যটকো থাকিব পাৰে। সেয়ে চৰকাৰৰ এই নিৰ্দেশৰ পিছতে টিকটৰ দাম সুস্থিৰ কৰি ৰাখিবলৈ বিমান সংস্থাই নতুন বিমান সংযোজন কৰিছে। প্ৰয়াগৰাজৰ পৰা দেশৰ ১৭খন চহৰলৈ বিমান সেৱাৰ সুবিধা আছে। এতিয়া মহা কুম্ভ ঘটি থকাৰ বাবে ইয়াৰ পৰা বিমানৰ চাহিদা বহুত।
বুধবাৰে ডিজিচিএই প্ৰয়াগৰাজৰ টিকটৰ দাম কম ৰখাৰ নিৰ্দেশ দিয়াৰ পিছত ভাড়া যথেষ্ট হ্ৰাস পাইছে। সম্প্ৰতি টিকট বুকিং প্লেটফৰ্মত দিল্লীৰ পৰা প্ৰয়াগৰাজলৈ ১০ হাজাৰ টকাৰ ভাৰা দেখুওৱা হৈছে। যিটো আগতে ২৯ হাজাৰ টকা দেখুৱাইছিল। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে, জানুৱাৰী মাহত প্ৰয়াগৰাজলৈ ৮১খন নতুন বিমান সংযোজন কৰা হৈছে। প্ৰয়াগৰাজলৈ যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে প্ৰতিমাহে ৮০ হাজাৰ আসন বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰে মহাকুম্ভলৈ ৯০০খন বিমান বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।