newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অৰ্থনৈতিক জৰীপ ২০২৫: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পিছত নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব অৰ্থনৈতিক জৰীপ

BNE News Desk , January 31, 2025
Spread the love
Share on Twitter

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পিছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপ লোকসভাত দাখিল কৰিব। এই অৰ্থনৈতিক জৰীপে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দাখিল হ’বলগীয়া বাজেটৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাত আৰু পথ দেখুৱাবলৈ সহায় কৰিব। 

ৰাষ্ট্ৰপতিৰ ভাষণৰ অন্ত পৰাৰ পিছত লোকসভাৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে বিত্তমন্ত্ৰী সীতাৰমণে লোকসভাত দিনৰ প্ৰায় ১ বজাত আৰু ৰাজ্যসভাত দুপৰীয়া ২ বজাত অৰ্থনৈতিক জৰীপ ২০২৪-২৫ দাখিল কৰিব পাৰে। বিয়লি ০২.৩০ বজাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হ’ব য’ত অৰ্থনৈতিক সমীক্ষা প্ৰস্তুত কৰা তেওঁৰ দলৰ সৈতে মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে ভাষণ দিব।

বাজেট দাখিল কৰাৰ পূৰ্বে চৰকাৰে সংসদত অৰ্থনৈতিক পৰ্যালোচনা দাখিল কৰে। ইয়াত চলিত বিত্তীয় বৰ্ষত অৰ্থনীতিৰ অৱস্থা আৰু আগন্তুক দিনত ইয়াৰ দিশ কি হ’ব সেই বিষয়ে কোৱা হৈছে। অর্থনৈতিক পর্যালোচনাত যোৱা বাজেটত চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্য কিমানখিনি পূৰণ হৈছে সেই কথা কোৱা হয়৷ এক প্ৰকাৰে অৰ্থনৈতিক পৰ্যালোচনা হৈছে যোৱা বিত্তীয় বৰ্ষত চৰকাৰৰ কাম-কাজৰ পৰ্যালোচনা। ইয়াক অৰ্থনৈতিক পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰে। এইবাৰ অর্থনৈতিক পর্যালোচনা প্রস্তুত কৰিছে মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰৰ কার্যালয়ে

ALSO READ: অৰ্থনৈতিক জৰীপ ২০২৫: সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ, প্ৰকাশ কৰা হ’ব দেশৰ অৰ্থনৈতিক উন্নয়নৰ হিচাপ

দেশৰ অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰ্যালোচনা অতি গুৰুত্বপূৰ্ণ নথি। যদি ইয়াৰ গুৰুত্ব বাজেটতকৈ বেছি নহয়, তেন্তে ইয়াকো তুচ্ছজ্ঞান কৰিব নোৱাৰি। বাজেটত আগন্তুক দিনৰ বাবে চৰকাৰৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়, আনহাতে অৰ্থনৈতিক পৰ্যালোচনাত চলিত বিত্তীয় বৰ্ষত চৰকাৰৰ কামৰ হিচাপ ৰখা হয়। 

অৰ্থনৈতিক পৰ্যালোচনাত মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে বিতংভাৱে ব্যাখ্যা কৰে যে পূৰ্বৰ বাজেটত চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ কিমানখিনি পূৰণ হৈছে। একেদৰে ইকনমিক ৰিভিউত যোৱা বছৰৰ বাজেটত কৰা পৰিকল্পনাসমূহৰ কিমানখিনি কাৰ্যকৰী হৈছে সেই সম্পৰ্কেও বিতং তথ্য দিয়া হৈছে। এইবোৰৰ উপৰিও পৰ্যালোচনাত আন বহুতো গুৰুত্বপূৰ্ণ অৰ্থনৈতিক বিষয়ৰ সবিশেষও সন্নিবিষ্ট কৰা হৈছে, যেনে জিডিপি বৃদ্ধিৰ হাৰ, মুদ্ৰাস্ফীতিৰ হাৰৰ লগতে বিভিন্ন খণ্ডৰ কাম-কাজ আৰু নিয়োগৰ বিষয়ে বিতং তথ্য দিয়া হৈছে।