বৃহস্পতিবাৰে কে আৰ এন হিট এক্সচেঞ্জাৰ এণ্ড ৰেফ্ৰিজাৰেচন লিমিটেডৰ শ্বেয়াৰ ২২০ টকাৰ ইছ্যু মূল্যৰ বিপৰীতে ১১৮ শতাংশতকৈ অধিক প্ৰিমিয়ামৰ সৈতে তালিকাভুক্ত হয়।
বিএছইত ইছ্যুৰ মূল্যৰ তুলনাত ১১৩.৬৩ শতাংশ বৃদ্ধিৰ প্ৰতিফলন ঘটাই এই ষ্টকটো ৪৭০ টকাত তালিকাভুক্ত হয়। পিছত ১২৫.৯০ শতাংশ বৃদ্ধি পাই ৪৯৭ টকা হয়।
এন এছ ইত ১১৮.১৮ শতাংশ বৃদ্ধি পাই ৪৮০ টকা হয়।
কোম্পানীটোৰ বজাৰ মূল্য ২,৯৮০.১০ কোটি টকা।
প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ শক্তিশালী অংশগ্ৰহণৰ ফলত নিবিদাৰ অন্তিম দিনটোত কে আৰ এন হিট এক্সচেঞ্জাৰ এণ্ড ৰেফ্ৰিজাৰেচন লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিঙে (আই পি অ’) ২১৩.২৬ গুণ চাবস্ক্ৰিপচন লাভ কৰে।
৩৪২ কোটি টকাৰ ইনিচিয়েল পাব্লিক অফাৰ (আই পি অ’)ৰ মূল্য আছিল ২০৯-২২০ টকা।
ৰাজস্থানৰ এই কোম্পানীটোৱে হিট ভেন্টিলেচন, এয়াৰ কণ্ডিচনাৰ আৰু ফ্ৰীজ উদ্যোগৰ বাবে ফিন আৰু টিউব টাইপ হিট এক্সচেঞ্জাৰ নিৰ্মাণ কৰে।
কোম্পানীটোৰ সমগ্ৰ উৎপাদন কাৰ্য্যকলাপ ৰাজস্থানৰ নিমৰানা ৰিআইচিঅ’ ঔদ্যোগিক এলেকাত অৱস্থিত দুটা ঔদ্যোগিক প্লটক সামৰি লোৱা একত্ৰিত উৎপাদন কেন্দ্ৰত সম্পন্ন কৰা হয়।