newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

স্থানীয় উৎপাদকৰ সামগ্ৰী বিশ্ববজাৰলৈ, কিৰণ ফাউণ্ডেচনৰ লক্ষ্য ৰপ্তানি বঢ়োৱা

Radhika Daimary , April 29, 2025
Spread the love
Share on Twitter

কিৰণ বড়ো হৈছে কিৰণ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। কিৰণ ফাউণ্ডেচনটোৱে ২০০৫ চনত আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছিল। ফাউণ্ডেচনটো আৰম্ভ কৰাৰ মুখ্য উদ্দেশ্য আছিল সমাজৰ দুখীয়া মহিলাসকলক সহায় কৰা—বিশেষকৈ সেইসকল মহিলা যিসকলে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো নিজৰ পৰিশ্ৰমৰ ন্যায্য ফল নাপাইছিল।

কৰ্মক্ষেত্ৰত বিভিন্ন ঠাইত যেতিয়া কিৰণ বড়ো গাঁৱলৈ গৈছিল, তেতিয়া তেওঁ বিভিন্ন মহিলাক সমষ্টিগতভাৱে সংগঠিত কৰিছিল। তেওঁ কৈছিল যে তেতিয়া তেওঁ কোনো ধন বিনিয়োগ কৰিবলৈ সক্ষম হোৱা নাছিল। তেতিয়া তেওঁ পাব্লিক হেলথ ৱাটাৰ ছাপ্লাই বিভাগত কাম কৰিছিল আৰু সেয়ে নিজৰ সংগ্ৰহৰ জৰিয়তে মহিলাসকলক যিমান সম্ভৱ সংগঠিত কৰাৰ বাবে আগবাঢ়িছিল। তেতিয়া আত্মসহায়ক গোটৰ প্ৰচলন নাছিল। তেওঁ মহিলাসকলক পাইপলাইন সংস্থাপনৰ কামত নিয়োজিত কৰাইছিল আৰু হাজিৰা হিচাপে মহিলাসকলে ৫০০ টকা আয় কৰিছিল।

২০১৫ চনত কিৰণ ফাউণ্ডেচনটো প্ৰাতিষ্ঠানিকভাৱে পঞ্জীয়ন হৈছিল আৰু তেতিয়াৰ পৰা সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁ বিশেষকৈ একক মহিলা, বিধৱা আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ নানা দিশ-নিৰ্দেশ দিছিল।

২০১১ চনত তেওঁ লখিমপুৰ, নৰায়ণপুৰ আৰু বিহপুৰীয়াৰ মহিলাসকলক নিজৰ উদ্যোগ আৰম্ভ কৰিবলৈ সহায় কৰিছিল। তেতিয়া তেওঁৰ হাতত অলপ পইচা আছিল আৰু তেওঁ গাড়ী ব্যৱসায়, ঠিকা কাম আৰু হোষ্টেল ব্যৱসায় আৰম্ভ কৰিছিল। হোষ্টেলৰ জৰিয়তে সমগ্ৰ অসমৰ অভিভাৱকসকলৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হৈছিল। লখিমপুৰত তেওঁ তাঁতশাল বিতৰণ কৰিছিল আৰু স্মল ইনভেষ্টমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ সহায়ত ২ লাখ টকাৰ ঋণ পাইছিল।

২০২০ চনত ৰাজনীতিত সোমোৱাৰ পাছত তেওঁ উপলব্ধি কৰিছিল যে একাকাৰভাৱে কাম কৰি নিজৰ স্থায়ী পৰিচয় গঢ়ি তুলিব নোৱাৰি। ২০১৬ চনত তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছত দিল্লীৰ পৰা আহি কিছুমান মানুহে তেওঁক আগবাঢ়িবলৈ সহায় কৰিছিল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ মুগা আৰু পাটৰ কাপোৰৰে তৈয়াৰ কৰা ডিজাইন প্ৰদৰ্শন কৰিছিল আৰু বিজয়ী হৈছিল। তাৰ পাছত তেওঁ বহুতো প্ৰতিযোগিতাত নিমন্ত্ৰণ পাইছিল।

তেওঁ কৈছিল যে বিটিআৰত ইউপিপিএল (UPPL) চৰকাৰ অহাৰ পিছত, ইউপিপিএলৰ সদস্য হৈ কাৰ্যকৰীভাৱে কাম কৰিবলৈ সুবিধা পাইছিল। ফকিৰাগ্ৰামৰ পৰা মাজবাটলৈকে কামৰ ক্ষেত্ৰ বিস্তৃত কৰিছিল। তাৰ পাছত বড়োলেণ্ড কৃষি বিভাগৰ সৈতে তেওঁ এটা ডকুমেণ্টৰী নিৰ্মাণ কৰিছিল।

প্ৰচাৰৰ বাবে তেওঁ বড়োলেণ্ড টুৰিজমৰ ওপৰত এখন কিতাপো ৰচনা কৰিছিল। এই কিতাপখন ৰচনাৰ বাবে তেওঁ বড়োলেণ্ড বিভাগৰ পৰা অলপ অনুদানো পাইছিল। কিতাপখন ভাৰতৰ বিভিন্ন ঠাইত বিতৰণ কৰা হৈছে আৰু বাহিৰৰ মানুহে বৰ আগ্ৰহেৰে গ্ৰহণ কৰিছে, যাতে তেওঁলোকে বড়োলেণ্ড আৰু ইয়াৰ সম্পদৰ বিষয়ে জানিব পাৰে।

২০২০ চনত তেওঁ নিজৰ গাঁও ভকতপাৰাৰ কাষত এটা ৱেভিং চেণ্টাৰ খুলিছিল। নিজৰ পইচাৰে আৰু ১৫ খন তাঁত ব্যৱহাৰ কৰি কাম আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু নিজৰ ফাণ্ডৰ সহায়ত প্ৰশিক্ষণ প্ৰদান কৰি আছে।

কিৰণ ফাউণ্ডেচনৰ জৰিয়তে মহিলাসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁ উত্তৰ-পূৰ্ব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ সহায়ত বাঁহৰ অলংকাৰ আৰু অন্যান্য বাঁহৰ সামগ্ৰীৰ প্ৰশিক্ষণো দিছিল। তেওঁ কৈছিল অসমত প্ৰায় সকলো ঘৰতে বাঁহৰ উৎপাদন হয় আৰু এতিয়া এডাল বাঁহৰ দাম ২০০ টকাকৈ বিক্ৰী হয়। তাৰ বিনিময়ত ১ লাখ টকা উপাৰ্জন সম্ভৱ বুলি তেওঁ জনাইছিল।

ALSO READ: কৃষকৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বজাৰ বিপণন ক্ষেত্ৰ: এক বিশ্লেষণ

তেওঁ সমাৰ্থ ফাউণ্ডেচনত আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱিভাৰ চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে প্ৰায় ৩০ জন মহিলাক দেড় মাহৰ প্ৰশিক্ষণ দিছিল, য’ত প্ৰতিজন মহিলাই প্ৰতিদিন ৩০০ টকা লাভ কৰিছিল। তেওঁ ৱেভিং চেণ্টাৰত প্ৰায় ২০ লাখ টকা বিনিয়োগ কৰিছিল। চৰকাৰৰ পৰা প্ৰচুৰ সহায় নাপালেও ২০২৪ চনত বিটিআৰৰ হেণ্ডলুম বিভাগৰ হেণ্ডলুম অফিচাৰৰ পৰা তেওঁ ৫ লাখ টকাৰ অনুদান পাইছিল।

আন্তৰাষ্ট্ৰীয়ভাৱে তেওঁ থাইলেণ্ড, ভিয়েটনাম আৰু ইণ্ডোনেছিয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু তাত তেওঁৰ উৎপাদিত সামগ্ৰীৰ ওপৰত যথেষ্ট আগ্ৰহ দেখা গৈছে। মিলন উৎসৱত তেওঁৰ গামোচা আৰু আৰোণাইৰ সৰ্বাধিক বিক্ৰী হৈছিল।

বৰ্তমান তেওঁ বিশেষকৈ গাঁৱলীয়া মহিলাসকলে উৎপাদন কৰা কাপোৰ বাহিৰত বিক্ৰী কৰাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে হেণ্ডলুমৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে।

তেওঁৰ ৱেভিং চেণ্টাৰৰ উৎপাদিত সামগ্ৰী বিক্ৰী হোৱাৰ লগে লগে শেষ হয়। অসম চৰকাৰে প্ৰতিজন উদ্যোগীক ৫০০০ গামোচা যোগান ধৰাৰ লক্ষ্য লৈছে। তেওঁৰ গামোচাৰ মূল্য প্ৰায় ৩৫০ টকাৰ পৰা আৰম্ভ কৰি ২০০০ টকা পৰ্যন্ত পোৱা যায়—গুণগত মান আৰু ডিজাইনৰ ওপৰত দাম নিৰ্ভৰ কৰে।

বৰ্তমান তেওঁৰ বাৰ্ষিক টাৰ্নঅভাৰ প্ৰায় ৪৫ লাখ টকা।

ভৱিষ্যতে তেওঁ কিৰণ ফাউণ্ডেচনৰ জৰিয়তে স্থানীয় বুনকৰ উৎপাদনসমূহ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বজাৰত বিতৰণ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ। তেওঁৰ এটা বিশাল ইচ্ছা হৈছে নিজৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হোৱা।