newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আৰ বি আইয়ে ৰেপো ৰেট হ্ৰাস কৰাৰ পিছত চেভিংছ একাউণ্টৰ সুতৰ হাৰ কিমান? বেংকৰ তালিকা চাওক

BNE News Desk , February 14, 2025
Spread the love
Share on Twitter

২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা মুদ্ৰানীতিৰ বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ৬.৫০ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ ২৫ বেছিছ পইণ্ট হ্ৰাস কৰে। ২০২০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰিজাৰ্ভ বেংকে হ্ৰাস কৰিছে ৰেপো ৰেট। ৰেপো ৰেট হৈছে বাণিজ্যিক বেংকসমূহে বিভিন্ন জামিনৰ বিপৰীতে ধন ঋণ ল’বলৈ দিয়া সুতৰ হাৰ। যদি ৰেপো ৰেট কমি যায় তেন্তে সুতৰ হাৰো কমি যায়। অৰ্থাৎ ঋণৰ সুত কমি যায়। আজি আমি আপোনালোকৰ লগত কথা পাতিম কিছুমান ডাঙৰ বেংকৰ চেভিংছ একাউণ্টৰ সুতৰ হাৰৰ বিষয়ে।

সঞ্চয় একাউণ্টত ভাৰতীয় ষ্টেট বেংকৰ সুতৰ হাৰ

  1. ১০ কোটি টকা পৰ্যন্ত জমা ধনত ২.৭০ শতাংশ
  2. ১০ কোটি টকাৰ ওপৰৰ জমা ধনত ৩.০০ টকা
  3. ১৫ অক্টোবৰ, ২০২২ৰ পৰা কাৰ্যকৰী

চেভিংছ একাউণ্টত বেংক অৱ বৰোদাৰ সুতৰ হাৰ

বেংক অৱ বৰোদাই চেভিংছ একাউণ্টত ২.৭৫ শতাংশৰ পৰা ৪.১০ শতাংশলৈকে সুত দিয়ে।

  • ১ লাখৰ পৰা ৫০ কোটি টকা জমাত ২.৭৫ শতাংশ
  • ৫০ কোটিৰ পৰা ২০০ কোটি টকা জমাত ৩.০০%
  • ২০০ কোটিৰ পৰা ৫০০ কোটি টকা জমাত ৩.০৫ শতাংশ
  • ৫০০ কোটিৰ পৰা ১০০০ কোটি টকা জমাত ৪.১০ শতাংশ
  • ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

চেভিংছ একাউণ্টত পিএনবি সুতৰ হাৰ

  • ১০ লাখতকৈ কম বেলেঞ্চত ২.৭০ শতাংশ
  • বেলেঞ্চ ১০ লাখৰ পৰা ১০০ কোটি টকাৰ ওপৰত ২.৭৫%
  • বেলেঞ্চ ১০০ কোটি টকা আৰু তাৰ ওপৰত ৩.০০%
  • ১ জানুৱাৰী, ২০২৩ৰ পৰা কাৰ্যকৰী
  • চেভিংছ একাউণ্টত আইচিআইচিআইৰ সুতৰ হাৰ
    ৫০ লাখতকৈ কম বেলেঞ্চত ৩.০০%
  • ৫০ লাখতকৈ অধিক বেলেঞ্চত ৩.৫০ শতাংশ
  • চেভিংছ একাউণ্টত এইচ ডি এফ চি বেংকৰ সুতৰ হাৰ
    ৫০ লাখতকৈ কম বেলেঞ্চত ৩.০০%
  • ৫০ লাখতকৈ অধিক বেলেঞ্চত ৩.৫০ শতাংশ
  • ৬ এপ্ৰিল, ২০২২ৰ পৰা কাৰ্যকৰী

ALSO READ: आरती ड्राग्सनि बाहागोआ दिनै फालांगि जोबनायाव 12 जौखोन्दो बांदों, बेयाव मानो दं

চেভিংছ একাউণ্টত কোটক মহিন্দ্ৰা বেংকৰ সুতৰ হাৰ

  • ৫ লাখ টকা পৰ্যন্ত বেলেঞ্চত ৩.০০%
  • ৫ লাখৰ পৰা ৫০ লাখ টকাৰ ভিতৰত বেলেঞ্চত ৩.৫০%
  • ৫০ লাখ টকাৰ ওপৰৰ বেলেঞ্চত ৪.০০%
  • ১৭ অক্টোবৰ, ২০২৪ৰ পৰা কাৰ্যকৰী