দক্ষিণ কোৰিয়াৰ অটো নিৰ্মাতা কোম্পানী হুণ্ডাইৰ ভাৰতীয় শাখা হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ প্ৰাৰম্ভিক ৰাজহুৱা অফাৰে মঙলবাৰে নিবিদাৰ প্ৰথম দিনাই ১৮ শতাংশ চাবস্ক্ৰিপচন লাভ কৰে।
এন এছ ইৰ তথ্য অনুসৰি ২৭,৮৭০ কোটি টকাৰ ইন্টিলিয়েল পাব্লিক অফাৰিঙে (আই পি অ’) ১,৭৭,৮৯,৪৫৭ টা শ্বেয়াৰৰ বাবে নিবিদা আকৰ্ষণ কৰিছিল, যিটো বিক্ৰীৰ বাবে উপলব্ধ ৯,৯৭,৬৯,৮১০ টা শ্বেয়াৰৰ বিপৰীতে।
প্ৰথম দিনাই আই পি অ’ত লাভ কৰিছিল ৯ লাখৰো অধিক আৱেদন।
খুচুৰা ব্যক্তিগত বিনিয়োগকাৰী (আৰ আই আই)ৰ বাবে এই অংশই ২৬ শতাংশ চাবস্ক্ৰাইব লাভ কৰাৰ বিপৰীতে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ শ্ৰেণীয়ে ১৩ শতাংশ চাবস্ক্ৰিপচন লাভ কৰে। যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ কোটাই ৫ শতাংশ চাবস্ক্ৰিপচন লাভ কৰে।
সোমবাৰে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে এংকৰ বিনিয়োগকাৰীৰ পৰা ৮৩১৫ কোটি টকা সংগ্ৰহ কৰে।
এল আই চিৰ প্ৰাৰম্ভিক ২১ হাজাৰ কোটি টকাৰ শ্বেয়াৰ বিক্ৰীক অতিক্ৰম কৰি দেশৰ ভিতৰতে এইটোৱেই সৰ্ববৃহৎ আই পি অ’।
প্ৰতি শ্বেয়াৰৰ মূল্য ১৮৬৫-১৯৬০ টকাৰ এই আই পি অ’ ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাজহুৱা চাবস্ক্ৰিপচনৰ বাবে মুকলি থাকিব।
আই পি অ’ সম্পূৰ্ণৰূপে প্ৰমোটাৰ হুণ্ডাই মটৰ কোম্পানী (এইচএমচি)ৰ ১৪,২১,৯৪,৭০০ ইকুইটি শ্বেয়াৰৰ অফাৰ ফৰ চেল (অ’এফএছ), য’ত কোনো সতেজ ইছ্যুৰ উপাদান নাই।
যিহেতু ৰাজহুৱা ইছ্যুটো সম্পূৰ্ণৰূপে অ’এফএছ, গতিকে মাৰুতি চুজুকিৰ পিছত ভাৰতৰ দ্বিতীয় বৃহত্তম গাড়ী নিৰ্মাতা হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে আইপিঅ’ৰ পৰা কোনো ধৰণৰ উপাৰ্জন লাভ নকৰে।
এইচএমআইএলে কয় যে তেওঁলোকে আশা কৰিছে যে ইকুইটি শ্বেয়াৰসমূহৰ তালিকাভুক্তিয়ে ইয়াৰ দৃশ্যমানতা আৰু ব্ৰেণ্ড ইমেজ বৃদ্ধি কৰিব, আৰু শ্বেয়াৰসমূহৰ বাবে লিকুইডিটি আৰু ৰাজহুৱা বজাৰ প্ৰদান কৰিব।
মূল্য বেণ্ডৰ ওপৰৰ মূৰত আই পি অ’ৰ আকাৰ ২৭,৮৭০ কোটি টকা (৩.৩ বিলিয়ন মাৰ্কিন ডলাৰ), আৰু কোম্পানীটোৰ বজাৰ মূল্য প্ৰায় ১.৬ লাখ কোটি টকা (প্ৰায় ১৯ বিলিয়ন মাৰ্কিন ডলাৰ) ইছ্যুৰ পিছত নিৰ্ধাৰণ কৰা হৈছে।
এইচএমআইএলে ১৯৯৬ চনত ভাৰতত কাম আৰম্ভ কৰিছিল আৰু বৰ্তমান, ছেগমেণ্টসমূহৰ মাজত ১৩টা মডেল বিক্ৰী কৰে।