newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

প্ৰথম ত্ৰৈমাসিকৰ আয়ৰ ঘোষণাৰ পিছত এইচডিএফচি এএমচিৰ শ্বেয়াৰে অভিলেখ সৃষ্টি কৰে

BNE News Desk , July 15, 2024
Spread the love

ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৱে প্ৰথম ত্ৰৈমাসিকৰ নেট প্ৰফিত ২৬ শতাংশ বৃদ্ধি পোৱাৰ পিছত সোমবাৰে এইচডিএফচি এচেট মেনেজমেণ্ট কোম্পানী (এএমচি)ৰ শ্বেয়াৰ অভিলেখ সৃষ্টি কৰে। চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত লাভৰ পৰিমাণ ৬০৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো বিগত বৰ্ষৰ সংশ্লিষ্ট ত্রৈমাসিকত ৪৭৮ কোটি টকা হৈছিল৷  

এইচ ডি এফ চি এ এম চিৰ ষ্টক ইন্ট্ৰাডে ৩.০৫ শতাংশ বৃদ্ধি পাই ৪২৯৫.২০ টকাৰ উচ্চতম স্থানত উপনীত হয়, যিটো বি এছ ইত পূৰ্বৰ বন্ধ আছিল ৪১৬৮.০৫ টকা। এই প্ৰতিষ্ঠানটোৰ মাৰ্কেট কেপ বৃদ্ধি পাই ৮৯,৫৩২.১৯ কোটি টকা হৈছে। পিছত বিএছইত এই ষ্টকটো ০.৫৭ শতাংশ বেছিকৈ ৪১৯২ টকাত শেষ হয়।

মুঠ ০.১৭ লাখ শ্বেয়াৰৰ হাত সলনি হয়, যাৰ ফলত বিএছইত ৭.২৩ কোটি টকাৰ টাৰ্ণঅভাৰ হয়। দুবছৰত ১২১ শতাংশ আৰু তিনি বছৰত ৩৬ শতাংশ বৃদ্ধি পাইছে।

২০২৩ চনৰ ১৪ জুলাইত ৫২ সপ্তাহৰ নিম্নতম ২৩২০.২০ টকালৈ হ্ৰাস পায়।

এইচ ডি এফ চি এ এম চিৰ আপেক্ষিক শক্তি সূচকাংক (আৰ এছ আই) ৫৮.৫, ইয়াৰ দ্বাৰা সংকেত দিয়া হৈছে যে ষ্টকটোৱে অতিৰিক্ত ক্ৰয় কৰা আৰু অতিৰিক্ত বিক্ৰী জ’নতো ব্যৱসায় কৰা নাই। এইচ ডি এফ চি এ এম চিৰ শ্বেয়াৰৰ ব্যৱসায় ৫ দিন, ১০ দিন, ২০ দিন ৩০ দিন, ৫০ দিন, ১০০ দিন, ১৫০ দিন আৰু ২০০ দিনৰ মুভিং এভাৰেজতকৈ অধিক।

প্ৰথম ত্ৰৈমাসিকত এএমচিৰ পৰিচালনাৰ পৰা ৩৫ শতাংশ বৃদ্ধি পাই ৭৭৫ কোটি টকা হৈছে, যিটো এবছৰৰ পূৰ্বে ৫৭৫ কোটি টকা আছিল।

যোৱা বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট ত্ৰৈমাসিকত ৭৩২ কোটি টকাৰ পৰা প্ৰথম ত্ৰৈমাসিকত মুঠ আয় ২৯ শতাংশ বৃদ্ধি পাই ৯৪৮ কোটি টকা হৈছে।

২০২৪ চনৰ জুন ত্ৰৈমাসিকত কাৰ্য্যকলাপৰ পৰা একত্ৰিত ৰাজহ ৩৫ শতাংশ বৃদ্ধি পাই ৭৭৫.২৪ কোটি টকা হয়, যিটো বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৫৭৪.৫৪ কোটি টকা আছিল।

এবছৰত এই ষ্টকটোৱে ৭৬.৪১ শতাংশ বৃদ্ধি পাইছে আৰু যোৱা দুবছৰত ১২১ শতাংশ বৃদ্ধি পাইছে।

বিনিয়োগকাৰীৰ উপস্থাপনত কয় যে ২৪ বিত্তীয় বৰ্ষত ইকুইটিৰ ৰিটাৰ্ণ ২৯.৫ শতাংশ লৈ বৃদ্ধি পাইছে। মূল সম্পত্তি ব্যৱস্থাপনা ব্যৱসায়ৰ পৰা পৰিচালনা লাভ প্ৰথম ত্ৰৈমাসিকত ৪০ শতাংশ বৃদ্ধি পাই ৫৭৯.৩ কোটি টকা হয়, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ জুন ত্ৰৈমাসিকত ৪১৩.৩ কোটি টকা আছিল।

ALSO READ: Assam CM distributes dozens of job appointment letters