newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

দিল্লী বিমানবন্দৰত সংঘটিত দুৰ্ঘটনাৰ পিছত চৰকাৰে বিমান সংস্থাক অস্বাভাৱিকভাৱে ভাড়া বৃদ্ধি নকৰিবলৈ আহ্বান জনায়

BNE News Desk , June 29, 2024
Spread the love
Share on Twitter

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-১ডিত সংঘটিত দুৰ্ঘটনাৰ বাবে যাতে দিল্লীৰ পৰা উৎপত্তি হোৱা বা দিল্লীৰ পৰা অহা বিমানৰ ভাড়াত কোনো ধৰণৰ অস্বাভাৱিক বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো ঘৰুৱা বিমান সংস্থাক অনুৰোধ জনাইছে। মন্ত্ৰালয়ে বিমান সংস্থাসমূহক এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ইয়াৰ অফিচিয়েল হেণ্ডেলত আগন্তুক বিমানৰ ভাড়াত কোনো ধৰণৰ অস্বাভাৱিক বৃদ্ধি হ’ব নালাগে আৰু এই দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নিজৰ পোষ্টত লিখিছে যে বিমানবন্দৰত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বাবে বিমান যাত্ৰা বাতিল বা পুনৰ নিৰ্ধাৰণৰ বাবে যাত্ৰীৰ পৰা কোনো ধৰণৰ পেনাল্টি চাৰ্জ সংগ্ৰহ কৰা নহ’ব।

শুকুৰবাৰে পুৱা দিল্লী এন চি আৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চালৰ এটা অংশ ভাঙি পৰে। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬জন লোক আহত হয়। এই দুৰ্ঘটনাৰ পিছত এই টাৰ্মিনেলৰ পৰা বিমান চলাচল বন্ধ কৰিবলগীয়া হৈছিল। ইণ্ডিগ’ আৰু স্পাইচজেটৰ ঘৰুৱা বিমান সেৱা টাৰ্মিনেল-১ৰ পৰা চলি থাকে। টি-১ বন্ধ হোৱাৰ বাবে বহু বিমান সেৱা বাতিল কৰা হৈছে আৰু সাময়িকভাৱে টি-২ আৰু টি-৩লৈ বিমান সেৱা স্থানান্তৰ কৰা হৈছে।

পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে জনোৱা মতে, দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল-১ত হোৱা এই দুৰ্ঘটনাৰ পিছত ইণ্ডিগোৱে ৬২খন আউটগোয়িং আৰু ৭খন ইনকামিং বিমান বাতিল কৰাৰ বিপৰীতে স্পাইচজেটে ৮খন আউটগোয়িং আৰু ৪খন ইনকামিং বিমান বাতিল কৰিছে।