দেশৰ অন্যতম আগশাৰীৰ এফএমচিজি কোম্পানী আইটিচিয়ে অৰ্জন কৰিছে এক নতুন মাইলৰ খুঁটি। ব্ৰিটানিয়াক পিছ পেলাই এতিয়া পেকেজড ফুড ছেগমেণ্টৰ দ্বিতীয় বৃহত্তম কোম্পানী হিচাপে পৰিগণিত হৈছে আইটিচি। এতিয়া আইটিচিয়ে প্ৰথম স্থানৰ বহুজাতিক এফএমচিজি কোম্পানী নেচলেৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।
বিক্ৰীৰ ক্ষেত্ৰত আইটিচিয়ে এই মাইলৰ খুঁটি অৰ্জন কৰিছে। অৰ্থাৎ বিক্ৰীৰ ক্ষেত্ৰত পেকেজড ফুড ছেগমেণ্টত আইটিচিতকৈ কেৱল নেচলেহে আগবাঢ়ি আছে। পেকেটত ভৰোৱা খাদ্যৰ ক্ষেত্ৰত আইটিচিৰ বিক্ৰী ব্ৰিটানিয়াতকৈ বেছি হৈছে। আইটিচিয়ে পেকেজড ফুড ছেগমেণ্টত বহু সামগ্ৰী বিক্ৰী কৰে। আইটিচিৰ প্ৰধান সামগ্ৰীসমূহৰ ভিতৰত আশীৰ্বাদ আটা, বিংগো আলু চিপছ, ছানফিষ্ট বিস্কুট ইত্যাদি।
শেহতীয়াকৈ প্ৰকাশিত আইটিচিৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ইয়াৰ খাদ্য ব্যৱসায়ৰ বিক্ৰী হৈছে ১৭,১৯৪.৫ কোটি টকা। ইয়াৰ ভিতৰত ঘৰুৱা বিক্ৰী আৰু ৰপ্তানি দুয়োটাৰে পৰিসংখ্যাও অন্তৰ্ভুক্ত। আনহাতে, বিগত বিত্তীয় বৰ্ষত ব্ৰিটানিয়াৰ খাদ্য ব্যৱসায়ৰ মুঠ বিক্ৰী হৈছে ১৬,৭৬৯.২ কোটি টকা।
আনহাতে যোৱা বিত্তীয় বৰ্ষত নেচলে ইণ্ডিয়াৰ বিক্ৰীৰ পৰিসংখ্যা আছিল ২৪,২৭৫.৫ কোটি টকা। কিন্তু কোম্পানীয়ে বিত্তীয় বৰ্ষটো জানুৱাৰী-ডিচেম্বৰৰ পৰা এপ্ৰিল-মাৰ্চলৈ স্থানান্তৰিত কৰাৰ বাবে এই বিক্ৰীৰ পৰিসংখ্যা ১২ মাহৰ পৰিৱৰ্তে ১৫ মাহৰ বাবে। ১২ মাহৰ ভিত্তিত দেখা গ’লেও নেচলেৰ ভাৰতীয় ইউনিট স্থানীয় প্ৰতিযোগীতকৈ আগবাঢ়ি আছে। ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে ১২ মাহত নেচলে ইণ্ডিয়াৰ বিক্ৰী ১৯,৫৬৩ কোটি টকা হৈছে, যিটো দুটা নম্বৰ কোম্পানী আইটিচিৰ খাদ্য ব্যৱসায়ৰ বিক্ৰীতকৈ অধিক।
আটাৰ মূল্যবৃদ্ধিৰ বাবেই আইটিচিয়ে প্ৰথমবাৰৰ বাবে খাদ্য ব্যৱসায়ত দ্বিতীয় স্থান লাভ কৰাৰ মূল কাৰণ। যোৱা বিত্তীয় বৰ্ষত দেশত আটাৰ মূল্য ৭ৰ পৰা ৮ শতাংশ বৃদ্ধি পাইছে। কোম্পানীটোৰ খাদ্য ব্যৱসায়ৰ মুঠ বিক্ৰীত সৰ্বাধিক অৰিহণা যোগাইছে পেকেজড আটা ব্ৰেণ্ড আশ্বৰৱাদে। সামগ্ৰিকভাৱে যোৱা বিত্তীয় বৰ্ষৰ ভিতৰত আইটিচিৰ খাদ্য ব্যৱসায়ৰ বিক্ৰী ৯ শতাংশ বৃদ্ধি পাইছে।