আধাৰ ব্যৱহাৰকাৰীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰাৰ সময়সীমা পুনৰ বৃদ্ধি কৰিলে ইউআইডিএআইয়ে। ইয়াৰ পূৰ্বে ইয়াৰ সময়সীমা ২০২৪ চনৰ ১৪ জুনত শেষ হৈছিল, যিটো এতিয়া তিনিমাহ বৃদ্ধি কৰি ২০২৪ চনৰ ১৪ ছেপ্টেম্বৰলৈ কৰা হৈছে। এতিয়া আধাৰ কাৰ্ডধাৰীয়ে ১৪ ছেপ্টেম্বৰ ২০২৪ পৰ্যন্ত অনলাইন বিনামূলীয়াকৈ আধাৰ আপডেট কৰিব পাৰিব।
উল্লেখযোগ্য যে আধাৰ প্ৰদানকাৰী সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়া (ইউআইডিএআই)ৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি এতিয়া আধাৰ ব্যৱহাৰকাৰীয়ে ২০২৪ চনৰ ১৪ ছেপ্টেম্বৰলৈকে বিনামূলীয়াকৈ আধাৰ আপডেট কৰিব পাৰিব। আধাৰ কাৰ্ড এটা অতি গুৰুত্বপূৰ্ণ আইডি যিটো চৰকাৰী আঁচনিৰ সুবিধা লোৱাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট, ভ্ৰমণ টিকট বুকিং আৰু ভ্ৰমণ ইত্যাদি সকলো কামতে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰতিজন ব্যক্তিৰ জনগাঁথনিগত বিৱৰণ যেনে নাম, লিংগ, ঠিকনা, বয়স আৰু বায়’মেট্ৰিক তথ্য আদি লিপিবদ্ধ কৰা হয়। আধাৰৰ গুৰুত্ব বাঢ়ি অহাৰ বাবে ইয়াক আপডেট কৰি ৰখাটো অতি প্ৰয়োজনীয়।
ইউআইডিএআইয়ে সকলো নাগৰিককে পৰামৰ্শ দিছে যে যদি তেওঁলোকৰ আধাৰ ১০ বছৰ বা তাতকৈ অধিক হয় তেন্তে তেওঁলোকে ইয়াক অতি সোনকালে আপডেট কৰাব লাগে। জনগাঁথনিগত বিৱৰণ আপডেট কৰিবলৈ, আপুনি প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰিব লাগিব। মনত ৰাখিব যে আধাৰ বিনামূলীয়াকৈ আপডেট কৰাৰ সুবিধা কেৱল অনলাইনতহে উপলব্ধ। আধাৰ কেন্দ্ৰলৈ গৈ সবিশেষ আপডেট কৰাৰ বাবে মাচুল দিব লাগিব।
অনলাইন আধাৰত সবিশেষ এনেদৰে আপডেট কৰক-
ইয়াৰ বাবে প্ৰথমে আধাৰ প্ৰদানকাৰী সংস্থা UIDAI ৰ অফিচিয়েল ৱেবছাইট https://myadhaar.uidai.gov.in/ চাওক।
আপোনাৰ মোবাইল নম্বৰৰ সহায়ত OTP প্ৰৱেশ কৰি ইয়াত লগইন কৰক।
ইয়াৰ পিছত আপোনাৰ সকলো সবিশেষ যেনে ঠিকনা আদি পৰীক্ষা কৰক।
যদি আপুনি যিকোনো বিৱৰণ যেনে ঠিকনা সলনি কৰিব বিচাৰে, তেন্তে সেই বিকল্প নিৰ্ব্বাচন কৰক।
আগবাঢ়ি যাওক আৰু সেই বিৱৰণ শুধৰাবলৈ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰমাণ আপলোড কৰক।
ইয়াৰ পিছত submit বুটামত ক্লিক কৰক।
এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ১৪ সংখ্যাৰ আপডেট অনুৰোধ নম্বৰ (URN) নম্বৰ পাব যাৰ জৰিয়তে আপুনি আধাৰ আপডেট প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰিব।
ALSO READ: ২২ জুনত GST কাউন্সিলৰ বৈঠক, নিৰ্বাচনী ফলাফলৰ পিছত কমিবনে কৰৰ বোজা?