newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

৫ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰ আশাত সুৰা বিক্ৰীৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত আবকাৰী বিভাগৰ

Darshana Borah , June 15, 2024
Spread the love

গুৱাহাটী: সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ বাৰ সমূহক আনুষ্ঠানিক নিৰ্দেশ দিছে আবকাৰী বিভাগে । গুৱাহাটী মহানগৰীত প্ৰতিখন সুৰা বিপনীয়ে মাহত বিক্ৰী কৰিব লাগিব ৫১৩৫ লিটাৰ সুৰা । শুনিলে আচৰিত যেন লাগিলেও অসমত এতিয়া সুৰাপায়ীয়ে ভৰাব লাগিব ৰাজ্যৰ ৰাজকোষ । কিয়নো আবকাৰী বিভাগে এতিয়া বাৰ্ষিক ৫ হাজাৰ কোটি টকা ৰাজহৰ আশাত সুৰাৰ বিক্ৰী বৃদ্ধিৰ বাবে পৰিকল্পনা কৰিছে । জিলাই জিলাই প্ৰতিখন ৱাইন শ্বপ আৰু বাৰক বিলাতী সুৰা, বিয়েৰ আৰু দেশীয় সুৰা বিক্ৰীৰ টাৰ্গেত বান্ধি দি নিৰ্দেশনা জাৰি কৰিছে । 

বিগত ৪ মে'ত আবকাৰী বিভাগৰ পৰ্যালোচনা সভাত সুৰাৰ দাম বৃদ্ধিক লৈ আলোচনা কৰা হয়। গুৱাহাটীত প্ৰতি মাহত ৫১৩৫ লিটাৰ, কামৰূপত ১২,৯৫৭ লিটাৰ, কৰিমগঞ্জত ৮৪৭০ লিটাৰ, যোৰহাটত ৯৫৮৭ লিটাৰ, নগাঁৱত ৬৬৫০ লিটাৰ সুৰা বিক্ৰীৰ টাৰ্গেত দিয়া হৈছে । আনহাতে কিছুদিনৰ পূৰ্বে সুৰাৰ বিক্ৰী ৩০% লৈ বৃদ্ধি কৰা হৈছিল । অৰ্থাৎ প্ৰথমে দাম বৃদ্ধি আৰু তাৰ পিছতেই বিক্ৰীৰ পৰিমাণ বৃদ্ধি । ইতিমধ্যেই সুৰাৰ মূল্যবৃদ্ধিৰ বাবে কিছু পৰিমাণে সুৰা বিপনীসমূহত হ্ৰাস পাইছে গ্ৰাহকে সংখ্যা ।

ইফালে যান-বাহন আৰক্ষীয়ে সুৰাপায়ীসকলক নাকী লগাবৰ বাবে বিভিন্ন ধৰনৰ ব্যবস্থা অৱলম্বন কৰি থকাৰ সময়তে আবকাৰী বিভাগৰ এই হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সাধাৰণ জনতাক । আবকাৰী বিভাগ তথা চৰকাৰে সিদ্ধান্ত লৈছে যে আগন্তুক ২০২৪-২৫ বর্ষত ১৪৫,o৭,০৮০০০ বিদেশী সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে সুৰাৰ বিপনী সমূহক । কিন্তু বিজনেছ নর্থইষ্টে গুৱাহাটীত কৰা এক গ্ৰাউণ্ড জিৰ' ৰিপোৰ্টত দেখা গৈছিল যে এতিয়াও কিন্তু এই নিৰ্দেশনা মনা নাই সুৰা বিপনী সমূহে । বহু কেইখন বিপনীৰ মালিকে মন্তব্য কৰিছে যে, " আমি এতিয়ালৈকে আবকাৰী বিভাগৰ পৰা কোনো ধৰণৰ জাননী পোৱা নাই ।

যদি এনে জাননী পাওঁ তেতিয়া আমাৰ বহু অসুবিধা হ'ব । কিয়নো প্ৰতি মাহত ৫১৩৫ লিটাৰ সুৰা বিক্ৰী কৰা সকলো বিপনীৰ বাবে সম্ভব নহয় । ই এক অসম্ভব অদ্ভুত সিদ্ধান্ত।" এইদৰে মন্তব্য কৰে বহু কেইখন সুৰাৰ বিপনীৰ মালিকে।  লগতে তেওঁলোকে কয় যে ডাঙৰ দোকান সমূহৰ বাবে ই যদিও কেতিয়াবা সম্ভৱ তথাপি সৰু সৰু দোকানসমূহৰ বাবে ই কেতিয়াও ফলপ্ৰসূ সিদ্ধান্ত হ'ব নোৱাৰে । কিয়নো প্ৰতি মাহত ইমান গ্ৰাহকৰ সমাগম নহয় সকলোতে । মুঠৰ ওপৰত এতিয়া দেশৰ অৰ্থনৈতিক ভেটি সবল কৰিবলৈ আগতকৈ অধিক বিশেষ অৰিহনা যোগাব লাগিব সুৰাপায়ী সকলে ।

ALSO READ: ব্যৱসায়ী সকলৰ বাবে সু-খবৰ।পাট-মুগাৰ অত্যাধুনিক কাপোৰে ভৰি পৰিছে Nedfi ত হৈ থকা SIDBI-স্বাৱলম্বন মেলা