newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অনলাইন শ্বপিঙৰ বাবে দুৰ্গা পূজাৰ সময়তো ফাঁচী বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ

Darshana Borah , September 30, 2024
Spread the love

দুৰ্গা পূজা সমাগত। দেৱীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ। ইয়াৰ লগে লগে বজাৰ সমূহতো দেখা গৈছে বিভিন্ন ধৰণৰ কাপোৰ,  আ - অলংকাৰ। কিন্তু আজিকালি অনলাইন শ্বপিঙৰ বাবে কমিছে বজাৰত গ্ৰাহকৰ ভিৰ ।

মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰস্থল ফাঁচী বজাৰটো কমিছে গ্ৰাহকৰ সংখ্যা । পূৰ্বৰ দৰে মানুহ বজাৰলৈ অহা নাই বুলি মন্তব্য কৰিছে বহু কেইজন বিক্ৰেতাই । ইয়াৰ কাৰণ প্ৰতিকূল বতৰ আৰু অনলাইন শ্বপিং বুলি তেওঁলোকে ক'ব খোজে ।