newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডাঙৰ খবৰ! সলনি হ’বনে ডি এ/ডি আৰ গণনাৰ সূত্ৰ?

BNE News Desk , January 25, 2025
Spread the love
Share on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সন্মিলনে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডি এ (Dearness Allowance) গণনাৰ সূত্ৰ সলনি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে যাতে প্ৰতি তিনিমাহৰ মূৰে মূৰে মুদ্ৰাস্ফীতি অনুসৰি ভাট্টা দিব পৰা যায়। কেন্দ্ৰীয় কেবিনেট সচিবলৈ লিখা এখন পত্ৰত কনফেডাৰেচনৰ সাধাৰণ সম্পাদক এছ বি যাদৱে ক্ৰমে কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু ডিয়াৰনেছ ৰিলিফ (ডি আৰ) গণনাৰ ক্ষেত্ৰত উন্নতিৰ বাবে আহ্বান জনায়।

এই পত্ৰত বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ ডি এ গণনা পদ্ধতিৰ বৈষম্যৰ কথা উল্লেখ কৰা হৈছে। চৰকাৰী বেংককে ধৰি অন্যান্য ৰাজহুৱা খণ্ডৰ ইউনিটত কাম কৰা কৰ্মচাৰীৰ ডি এ গণনাৰ সূত্ৰ কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য বিভাগত কৰ্মৰত কৰ্মচাৰীৰ ডি এ গণনাৰ সূত্ৰৰ পৰা পৃথক। ফেডাৰেচনে ১২ মাহৰ গড়ৰ ঠাইত তিনিমাহৰ গড়ৰ ব্যৱস্থা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। অৰ্থাৎ ডিয়াৰনেছ ভাট্টাত সালসলনি কৰিব লাগে যাতে ৰাজহুৱা খণ্ড আৰু বেংকত কাম কৰা কৰ্মচাৰীসকলৰ দৰে আন বিভাগৰ কৰ্মচাৰীসকলেও প্ৰতি তিনিমাহৰ মূৰে মূৰে প্ৰকৃত মূল্যবৃদ্ধি অনুযায়ী ক্ষতিপূৰণ লাভ কৰে।

পি এছ ইউৰ কৰ্মচাৰী আৰু অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডি এ গণনাৰ সূত্ৰ

DA = {(যোৱা ১২ মাহৰ বাবে AICPI ৰ গড় (ভিত্তি বছৰ ২০১৬=১০০) – ১১৫.৭৬)/১১৫.৭৬ } x ১০০

ALSO READ: বাজেট দাখিল কৰিবলৈও সুযোগ নোপোৱা দেশৰ বিত্তমন্ত্ৰীগৰাকী, জৱাহৰলাল নেহৰু চৰকাৰৰ দিনত নাম আছিল এই গৰাকী মন্ত্ৰীৰ

ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ বাবে

DA = { (যোৱা ৩ মাহৰ বাবে AICPI ৰ গড় (ভিত্তি বছৰ ২০০১=১০০) – ১২৬.৩৩)/১২৬.৩৩ } x ১০০

হিচাপ পদ্ধতিত একাকাৰীতা অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিঠিখনত লিখা আছে যে প্ৰতি তিনিমাহৰ মূৰে মূৰে বেংকিং কৰ্মচাৰীৰ ডি এ সলনি কৰা হয়। এইদৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ছমাহৰ বাবে ০.৯ শতাংশ ডি এৰ পৰা বঞ্চিত কৰা হৈছে। বেংক আৰু এল আই চিৰ কৰ্মীসকলে যিদৰে পইণ্ট টু পইণ্ট ডি এ পায়, আমিও একেদৰেই ডি এ পোৱা উচিত।