newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এই বছৰতেই স্থাপন কৰা হ'ব ৩০ তাকৈ CNG ষ্টেচন

Darshana Borah , January 25, 2025
Spread the love
Share on Twitter

গুৱাহাটীৰ হোটেল নভ'টেলত পেট্ৰ'লিয়াম আৰু নেচাৰেল গেছ ৰেগুলেটৰী ব'ৰ্ডে এটা বিশেষ ৱৰ্কচপ আৰম্ভ কৰিছে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৱৰ্কচপৰ প্ৰধান লক্ষ্য হৈছে সজাগতা।  অসমত এইধৰণৰ অনুষ্ঠান প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিছে অসম গেছ কোম্পানী লিমিটেড চমুকৈ AGCL য়ে। 
     
ইয়াত ভাৰতৰ প্ৰায় ২০ টা City Gas Distribution Company (CGD), তেওঁলোকৰ প্ৰজেক্ট, চেফটিৰ ওপৰত আলোচনা কৰা হৈছে । চেফটিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে কাৰণ অহা দিনবোৰত CGD expansion বহুত বহল পৰিসৰত হ'ব। 
     
উল্লেযোগ্য যে অহা ১০ বছৰৰ ভিতৰত পেট্ৰ'ল, ডিজেলৰ Consumption বহু পৰিমাণে কমি যাব । চৰকাৰে Futute alternative fuel ৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দি আছে । বিশেষকৈ ৰন্ধন গেছ তথা মিথেন গেছ আৰু CNG চালিত বাহনৰ ওপৰতো যথেষ্ট গুৰুত্ব দি থকা হৈছে । লগতে গ্ৰীণ গেছৰ ওপৰতো। ইয়াৰ উপৰিও হাইড্ৰ'জেন, গ্ৰীণ হাইড্ৰ'জেন আৰু Future Alternative Fuel ৰ ওপৰত গুৰুত্ব দি থকা হৈছে । 
     
বৰ্তমান সময়ত ক্ৰমাৎ বৃদ্ধি পাইছে সেউজ শক্তি তথা গ্ৰীণ গেছৰ গুৰুত্ব। গুৱাহাটী মহানগৰীটো দেখা গৈছে CNG চলিত বাছ তথা বাহন ।     
     
বিজনেছ নৰ্থ ইষ্টৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰ্তমানৰ Assam Gas Company Ltd (AGCL) ৰ Managing Director গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে শক্তি খণ্ড তথা পাইপেড নেচাৰেল গেছৰ ওপৰত বহু কেইটা মন্তব্য আগবঢ়ায়।
       
তেওঁ কয় যে বৰ্তমান ডিজিতাইজেচনৰ কাম যথেষ্ট আগবাঢ়িছে । নতুন connection ৰ ক্ষেত্ৰতো connection দিয়াত AGCL সফল হৈছে । বিগত বর্ষত ১০ হাজাৰ পাইপড গেছ সংযোগ কৰা হৈছে । এই বছৰো ১০ হাজাৰ ঘৰুৱা পাইপড গেছৰ সংযোগ দিয়া হ'ব । 
     
তেওঁ লগতে কয় যে ইতিমধ্যে অসমত ১০ টাকৈ CNG ষ্টেচন আৰম্ভ কৰা হৈছে । মাৰ্চৰ ভিতৰত আৰু ৫-৬ টা CNG ষ্টেচন স্থাপন কৰা হ'ব। এই বছৰৰ শেষলৈকে আৰু ৩০ টা CNG ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে AGCL য়ে। অসমত বৰ্তমানলৈকে আছে প্ৰায় ৫০ টা CNG ষ্টেচন । এই বৰ্ষৰ ডিচেম্বৰ মাহলৈকে সৰ্বমুঠ ১০০ তাৰো অধিক CNG ষ্টেচন স্থাপন কৰা হ'ব বুলি স্বৰ্গীয়াৰীয়ে মন্তব্য কৰে । 


ইয়াৰ উপৰিও এটা Eco System আৰু Market Promotion কৰা হ'ব । AGCL য়ে বৰ্তমান বহু কেইটা প্ৰজেক্ট হাতত লৈছে । অহা ৫ বছৰৰ ভিতৰত ৩ লাখ গেছৰ সংযোগ দিয়া হ'ব উজনি অসমৰ ৭ খন জিলাত । উত্তৰ পূবৰ বাবে অহা ৫ বছৰত ১ কোটিৰ টাৰ্গেট আছে বুলি তেওঁ মন্তব্য কৰে । 

ALSO READ: "অহা ১০ বছৰত বহু পৰিমাণে হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ উপযোগিতা, ব্যৱহাৰ " - MD, AGCL

লগতে AGCL ৰ পদক্ষেপত Compressed Biogas ৰ ওপৰত বহু কোম্পানীয়ে ইনভেষ্ট কৰিব । ই নিশ্চয়কৈ সমগ্র ভাৰত তথা অসমৰ শক্তি খণ্ডৰ বাবে ইতিবাচক খবৰ ।