বৰ্তমান সময়ত ক্ৰমাৎ বৃদ্ধি পাইছে সেউজ শক্তি তথা গ্ৰীণ গেছৰ গুৰুত্ব। গুৱাহাটী মহানগৰীটো দেখা গৈছে CNG চলিত বাছ তথা বাহন ।
বিজনেছ নৰ্থ ইষ্টৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰ্তমানৰ Assam Gas Company Ltd (AGCL) ৰ Managing Director গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে শক্তি খণ্ড তথা পাইপেড নেচাৰেল গেছৰ ওপৰত বহু কেইটা মন্তব্য আগবঢ়ায়।
তেওঁ কয় যে বৰ্তমান ডিজিতাইজেচনৰ কাম যথেষ্ট আগবাঢ়িছে । নতুন connection ৰ ক্ষেত্ৰতো connection দিয়াত AGCL সফল হৈছে । বিগত বর্ষত ১০ হাজাৰ পাইপড গেছ সংযোগ কৰা হৈছে । এই বছৰো ১০ হাজাৰ ঘৰুৱা পাইপড গেছৰ সংযোগ দিয়া হ'ব ।
তেওঁ লগতে কয় যে ইতিমধ্যে অসমত ১০ টাকৈ CNG ষ্টেচন আৰম্ভ কৰা হৈছে । মাৰ্চৰ ভিতৰত আৰু ৫-৬ টা CNG ষ্টেচন স্থাপন কৰা হ'ব। এই বছৰৰ শেষলৈকে আৰু ৩০ টা CNG ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে AGCL য়ে। অসমত বৰ্তমানলৈকে আছে প্ৰায় ৫০ টা CNG ষ্টেচন । এই বৰ্ষৰ ডিচেম্বৰ মাহলৈকে সৰ্বমুঠ ১০০ তাৰো অধিক CNG ষ্টেচন স্থাপন কৰা হ'ব বুলি স্বৰ্গীয়াৰীয়ে মন্তব্য কৰে ।
ইয়াৰ উপৰিও এটা Eco System আৰু Market Promotion কৰা হ'ব । AGCL য়ে বৰ্তমান বহু কেইটা প্ৰজেক্ট হাতত লৈছে । অহা ৫ বছৰৰ ভিতৰত ৩ লাখ গেছৰ সংযোগ দিয়া হ'ব উজনি অসমৰ ৭ খন জিলাত । উত্তৰ পূবৰ বাবে অহা ৫ বছৰত ১ কোটিৰ টাৰ্গেট আছে বুলি তেওঁ মন্তব্য কৰে ।
লগতে AGCL ৰ পদক্ষেপত Compressed Biogas ৰ ওপৰত বহু কোম্পানীয়ে ইনভেষ্ট কৰিব । ই নিশ্চয়কৈ সমগ্র ভাৰত তথা অসমৰ শক্তি খণ্ডৰ বাবে ইতিবাচক খবৰ ।