২০২৪ চনৰ আগষ্ট মাহত আন্তঃগাঁথনিৰ সৈতে জড়িত আঠটা ডাঙৰ খণ্ডৰ উৎপাদন হ্ৰাস পাইছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ উদ্যোগিক উৎপাদন হ্ৰাস পোৱা দেখা গৈছে। ধাৰাসাৰ বৰষুণৰ বাবে কয়লা উৎপাদন আৰু বিদ্যুৎ উৎপাদন প্ৰভাৱিত হৈছে যাৰ বাবে উৎপাদন হ্ৰাস পাইছে। খাৰুৱা তেল, শোধনাগাৰৰ সামগ্ৰী, চিমেণ্ট আৰু উৎপাদন হ্ৰাস পোৱাৰ বাবে ২০২৪ চনৰ জুলাই মাহত ৬.১ শতাংশৰ পৰা ২০২৪ চনৰ আগষ্ট মাহত মূল খণ্ডসমূহৰ বৃদ্ধিৰ হাৰ ১.৮ শতাংশলৈ হ্ৰাস পাইছে। আগষ্ট মাহত কেৱল তীখা আৰু সাৰৰ উৎপাদনত বাঢ়ি গৈছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আঠটা মূল খণ্ডৰ উৎপাদন সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, শোধনাগাৰৰ সামগ্ৰী, চিমেণ্ট আৰু বিদ্যুতৰ উৎপাদন হ্ৰাস পোৱাৰ বাবে চলিত বৰ্ষৰ আগষ্ট মাহত আঠটা ডাঙৰ আন্তঃগাঁথনি খণ্ডৰ উৎপাদন ১.৮ শতাংশ হ্ৰাস পাইছে। কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, শোধনাগাৰৰ সামগ্ৰী, সাৰ, তীখা, চিমেণ্ট আৰু বিদ্যুতৰ দৰে প্ৰধান মৌলিক উদ্যোগসমূহৰ বৃদ্ধিৰ হাৰ ২০২৩ চনৰ আগষ্ট মাহত আছিল ১৩.৪ শতাংশ।
তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ এপ্ৰিল-আগষ্টৰ ভিতৰত প্ৰধান আন্তঃগাঁথনি খণ্ডৰ বৃদ্ধিৰ হাৰ ৪.৬ শতাংশ হাৰত বৃদ্ধি পাইছে। যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই সংখ্যা আছিল ৮ শতাংশ। আঠটা মূল উদ্যোগত আই আই পিত অন্তৰ্ভুক্ত বস্তুৰ ওজন ৪০.২৭ শতাংশ।
আগষ্ট মাহত ২০২৩ চনৰ আগষ্টৰ তুলনাত কয়লাৰ উৎপাদন ৮.১ শতাংশ হ্ৰাস পাইছে। ২০২৩ চনৰ আগষ্টৰ তুলনাত ২০২৪ চনৰ আগষ্ট মাহত খাৰুৱা তেলৰ উৎপাদন ৩.৪ শতাংশ হ্ৰাস পাইছে। প্ৰাকৃতিক গেছৰ উৎপাদন ৩.৬ শতাংশ হ্ৰাস পাইছে। পেট্ৰলিয়াম শোধনাগাৰৰ সামগ্ৰীৰ উৎপাদন ১ শতাংশ হাৰত হ্ৰাস পাইছে। চিমেণ্ট উৎপাদন ৩ শতাংশ আৰু বিদ্যুৎ উৎপাদন ৫ শতাংশ হ্ৰাস পাইছে। সাৰ উৎপাদন ৩.২ শতাংশ বৃদ্ধি পাইছে। আনহাতে তীখাৰ উৎপাদন ৪.৫ শতাংশ হাৰত বৃদ্ধি পাইছে।